NORTHEAST NOW (Assamese)

নগাঁৱত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ দ্বাৰা কৃতী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক অভিনন্দন

June 19, 2018 9:44 pm · মিণ্টু দাস

সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলাখনৰ ভিতৰত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ ছাত্ৰী আৰু সংশ্লিষ্ট বিষয়ৰ কৃতী শিক্ষকসকলক অভিনন্দন জনোৱা হয়।

এই উপলক্ষে আজি ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত জিলা সমিতিৰ সভাপতি পংকজ কুমাৰ নাথৰ পৌৰোহিত্যত এক বিশেষ সভা অনুষ্ঠিত হয়।

জিলা সমিতিৰ সম্পাদক জিতেন চন্দ্ৰ হাজৰিকাই আঁ‌ত ধৰা অনুষ্ঠানত নগাঁও, কলিয়াবৰ আৰু হোজাইৰ ৪৫ জন কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে ৪৫ জন শিক্ষকক আনুষ্ঠিকভাৱে অভিনন্দন জনোৱা হয়। জিলা সংমণ্ডলসমূহৰ পৰিদৰ্শক মৃদুল নেওগ বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ উদেশ্যে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

উল্লেখযোগ্য যে, আজিকৰ এই অনুষ্ঠানতে সন্থাৰ তৰফৰ পৰা জিলাখনৰ ৪০ জন অধ্যক্ষক সম্বৰ্দ্ধনা জনোৱা হয়। কৃতী ছাত্ৰ-ছাত্ৰীসকলক প্ৰশস্তি পত্ৰ, গ্ৰন্থ টোপোলাৰ আৰু কৃতী শিক্ষকসকলক মানপত্ৰ, গামোচা আৰু গ্ৰন্থ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰা হয়।

এই অনুষ্ঠানত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি লীলাৰাম বৰা, সন্থাৰ উপদেষ্টা চন্দ্ৰেশ্বৰ বৰা, উপ সভাপতি মৃগাংক বৰা, নলীনি কুমাৰ বৰা, সহ সম্পাদক ইব্ৰাহীম আলী, গুণনিধি মহন্তকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট লোকৰ লগতে তিনি শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল।

Related News