নগাঁৱৰ কঠীয়াতলীত স্বামী আৰু ননদে মিলি হত্যা কৰিলে মহিলাক

হত্যা

প্ৰতিনিধিত্বমূলক ফটো

নগাঁৱৰ কঠীয়তলীত শুকুৰবাৰে পুৱা নিজ গৃহতে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। মহিলাগৰাকীক তেওঁৰ স্বামী আৰু ননদে মিলি হত্যা কৰে বুলি জানিব পৰা গৈছে।

অঞ্চলটোৰ স্থানীয় লোকে জানিবলৈ দিয়া মতে শুকুৰবাৰে পুৱা মৃত মহিলা গৰাকী আৰু তেওঁৰ গিৰিয়েকৰ লগত প্ৰথম অৱস্থাত কোনো কথাক লৈ তৰ্কাতৰ্কি লাগিছিল আৰু পিছত গিৰিয়েকে ভনীয়েকৰ সৈতে মিলি নিজ পত্নীক হত্যা কৰে।

ইফালে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত জানিব পাৰি তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনা সম্পৰ্কত জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী স্বামী তথা অভিযুক্তকো আটক কৰে। আৰক্ষীয়ে অভিযুক্তক আব্দুল কালাম বুলি চিনাক্ত কৰাৰ বিপৰীতে মৃত মহিলা গৰাকী ৰুমিনা খাতুন বুলি চিনাক্ত কৰিছে।

 

আনহাতে অভিযুক্ত আব্দুল কালামে বৰ্তামানলৈকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ আগত স্বীকাৰ কৰা নাই। অৱশ্যে স্থানীয় ৰাইজে আব্দুল কালামে আৰু কালামৰ ভনীয়েকৰ সৈতে মিলি নিজ পত্নীক হত্যা কৰা বুলি জানিবলৈ দিয়াৰ লগতে পূৰ্বৰে পৰা আব্দুল আৰু ৰুমিনাৰ মাজত সংঘৰ্ষ হৈ আছিল বুলি আৰক্ষীৰ আগত অৱগত কৰে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানতা নাৰীজিনত অপৰাধ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। আনহাতে চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও নাৰী জনিত অপৰাধৰ সংখ্যা হ্ৰাস কৰিব পৰা নাই। ফলত স্থানীয় সচেতন লোকে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।