নগাঁৱৰ কাকীত লোমহৰ্ষক হত্যাকাণ্ড

হত্যাকাণ্ড

নগাঁও জিলাৰ লংকাৰ কাকী অঞ্চলত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি কাকীৰ ২ নং লক্ষীপথাৰত কালি সংঘটিত হোৱা এই হত্যাকাণ্ডটোত নিজ পুত্ৰৰ হাততে প্ৰাণ হেৰুৱাব লগা হয় জন্মদাতা পিতৃয়ে ৷ অৱশ্যে কালি নিশাৰ ভাগতে সংঘটিত ঘটনাটোৰ কথা আজি পুৱাৰ ভাগতহে পোহৰলৈ আহে ৷ ঘটনাৰ সন্দৰ্ভত স্থানীয় লোকসকলৰ পৰা জানিব পৰা মতে কাকীৰ ২ নং লক্ষীপথাৰত যোৱা কালি এটা গাহৰি পোৱালীক কেন্দ্ৰ কৰি পিতৃ সুগ্ৰীৱ কোচৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় পুত্ৰ চবিন কোচে ৷ প্ৰথমতে দুয়োজনৰ মাজত তৰ্কা-তৰ্কি হয় যদিও পিছলৈ কাজিয়াখনে হতাহতিৰ ৰূপ লয় ৷ সুৰাৰ ৰাগিত মাতাল হৈ থকা নিজ পিতৃক হিতাহিত জ্ঞান হেৰুৱাই পুত্ৰ চবিন কোচে কোৰৰে আক্ৰমণ কৰে। পুত্ৰৰ উপযুৰ্পৰি কোৰৰ ঘাপত পিতৃ সুগ্ৰীৱ কোচ মাটিত ঢলি পৰাৰ লগতে থিতাতে মৃত্যু হয় ৷ আনহাতে চবিন কোচে আজি পুৱাৰ ভাগত লংকা আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰাত সমগ্ৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে ৷ লংকা আৰক্ষীয়ে জানিবলৈ দিয়া মতে ইতিমধ্যে চবিন কোচক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে৷