NORTHEAST NOW (Assamese)

নগাঁৱৰ কৃষ্ণাইখাট প্ৰাথমিক বিদ্যালয়ত য়ুনিফৰ্ম বিতৰণত ব্যাপক অনিয়ম

July 10, 2018 12:05 pm · মিণ্টু দাস
প্ৰতিনিধিত্বমূলক চিত্ৰ

নগাঁও জিলাৰ খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত কৃষ্ণাইখাট প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে যোগান ধৰা বিনামুলীয়া য়ুনিফৰ্ম আৰু মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে।

বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলে জিলা উপায়ুক্তক দিয়া অভিযোগ পত্ৰত উল্লেখ কৰা মতে, চৰকাৰে ২০১৮-১৯ বৰ্ষত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামুলীয়া য়ুনিফৰ্ম যোগান ধৰিছিল যদিও এই য়ুনিফৰ্ম বিতৰণত ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে।

অভিযোগ মতে, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰীগৰাকীয়ে নিজ মইমতালিৰে চৰকাৰে যোগান ধৰা দুযোৰ য়ুনিফৰ্মৰ সলনি এযোৰ য়ুনিফৰ্মহে দিয়ে। ইয়াৰ উপৰি সভানেত্ৰীগৰাকীয়ে উকা কাগজত অভিভাৱকৰ পৰা চহী লৈ পিছত দুযোৰ য়ুনিফৰ্ম দিয়া বুলি উক্ত কাগজত লিখি লয়। আনকি ছাত্ৰ-ছাত্ৰীক দুযোৰ য়ুনিফৰ্ম দিয়া বুলি ক’বলৈও বাধ্য কৰায়।

আনহাতে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰটো সভানেত্ৰীগৰাকীয়ে ব্যাপক খেলিমেলি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে৷

সভানেত্ৰীগৰাকীৰ এই কাৰ্যই এতিয়া অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Related News