NORTHEAST NOW (Assamese)

নগাঁৱৰ গৰৈমাৰীত ট্ৰেক্টৰৰ ফালত সোমাই এজন যুৱকৰ কৰুণ মৃত্যু

April 29, 2018 5:38 pm · এন ই নাও নিউজ

নগাঁও জিলাৰ গৰৈমাৰীত আজি এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে পথাৰত মাটি চহাই থকা অৱস্থাতে এখন চলন্ত ট্ৰেক্টৰৰ ফালত সোমাই এজন যুৱকে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হয়।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ১১ বজাত নগাঁও জিলাৰ জাজৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ গৰৈ মাৰিত যুৱকজনে পথাৰত শিলগুটিৰে চৰাই মাৰি থকা অৱস্থাত ওচৰতে মাটি চহাই থকা ট্ৰেক্টৰ এখনত জঁপিয়াই উঠাৰ চেষ্টা কৰে।

কিন্তু দুৰ্ভাগ্যবশত পিছলি গৈ ট্ৰেক্টৰ ফালত সোমাই শৰীৰৰ বিভিন্ন অংশ ছিন্ন-ভিন্ন হোৱাত কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱা পাছতেই পঞ্জীয়নবিহীন টেক্টৰখনৰ চালকজনে পলায়ন কৰে।

পিছত ঘটনা সম্পৰ্কত অৱগত হৈ ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে এই ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

Related News