NORTHEAST NOW (Assamese)

নগাঁৱৰ চামগুৰিত শোকাবহ পথ দুৰ্ঘটনা

November 17, 2017 12:12 pm · এন ই নাও নিউজ ব্যুৰো,নগাওঁ, ১৭ নৱেম্বৰ :
Updated: November 17, 2017 12:17 pm

নগাওঁ  জিলাৰ চামগুৰিৰ ভগামুৰত শুকুৰবাৰে পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। নিজ ভগ্নীৰ হাতত ধৰি বিদ্যালয়লৈ আহি থকা অৱস্থাতে এখন ডি আই বাহনে মহটিয়াই নিয়ে ৮ বছৰীয়া ছাত্ৰী ৰচিদাক। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় ভগামুৰ প্ৰাথমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী ৰচিদাৰ।

এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি ভগামুৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। স্থানীয় একাংশ ৰাইজে বাহনখনত আক্ৰমণ কৰাৰ পিছতে এক উত্তেজনা পূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

দুৰ্ঘটনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা প্ৰায় দুই কিল’মিটাৰ নিলগত বাহনখন এৰি চালকজনে পলায়ন কৰে। উল্লেখযোগ্য যে বাহনখনৰ পৰা স্থানীয় ৰাইজে ধপাত জাতীয় সামগ্ৰী উদ্ধাৰ কৰে। চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

Related News