নগাঁৱৰ তেলিয়াচাপৰিত বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী নিহত

নগাঁও জিলাৰ ৰূপহী আৰক্ষী থানাৰ অধীনৰ কাৱৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত তেলিয়াচাপৰিত আজি সন্ধ্যা বিদ্যুৎ বিভাগৰ এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক আঁকোৱালি লয়।

নিহত লোকজনক ভগামুৰৰ নিৱাসী হুছেইন আলীৰ পুত্ৰ ৰছিদুল হ’ক (৩০) বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে চামগুৰি বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী ৰছিদুল হ’কে আজি সন্ধ্যা প্ৰায় ৬:৩০ বজাত তেলিয়াচাপৰি  অঞ্চলৰ এটা ট্ৰেন্সফৰ্মাৰ মেৰামতি কৰি থকাৰ অৱস্থাত বিজুতি ঘটি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে।

ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰি কাৱৈমাৰি আৰক্ষী চকীৰ এটা আৰক্ষীদল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোক উদ্ধাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।

অনাকাংক্ষিত উক্ত ঘটনাটোৱে সমগ্ৰ চামগুৰি অঞ্চলতে শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হয়।