NORTHEAST NOW (Assamese)

নগাঁৱৰ ধিঙত চাঞ্চল্যকৰ হত্যাকাণ্ড : স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ

December 23, 2017 11:19 am · এন ই নাও নিউজ
Updated: December 23, 2017 11:27 am

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হত্যা, ধৰ্ষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সময়তে নগাঁৱৰ ধিঙত স্বামীৰ দাৰ ঘাপত পত্নীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে ধিঙৰ ২ নং কান্ধুলীমাৰী গাঁৱৰ নিবাসী ছাহজাহান আলীয়ে পত্নী ৰুণিমা খাতুনক দাৰে ঘপিয়াই হত্যা কৰে।

আনহাতে পাৰিবাৰিক কণ্ডলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি দীৰ্ঘদিন ধৰি স্বামী-স্ত্ৰীৰ মাজত পাৰিবাৰিক কণ্ডল চলি আহিছিল। ইফালে অভিযুক্ত চাহজাহান আলী বৰ্তমানো পলাতক হৈ আছে যদিও তেওঁৰ পিতৃক সোধ-পোছ কৰাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Related News