NORTHEAST NOW (Assamese)

নগাঁৱৰ ধিঙত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজন যুৱকৰ

June 12, 2018 10:20 pm · মিণ্টু দাস

ক্ৰমাৎ বনাঞ্চল সংকুচিত হৈ অহাৰ ফলত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতৰ পৰিণতিতে আজি নগাঁও জিলাৰ ধিঙত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হয়। মৃত ব্যক্তি দুজন ধিঙৰ বিৰিঙাবাৰীৰ নিৱাসী ৰমজান অালী অাৰু নিজাম উদ্দিন বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অাজি কেইদিনমানৰ পৰা ছয়জনীয়া এটা হাতীৰ জাকে ধিঙৰ বিৰিঙাবাৰীকে ধৰি বিভিন্ন অঞ্চলত সন্ত্ৰাস চলোৱাৰ লগতে অঞ্চলটোৰ স্থানীয় লোকে বিশাল কৃষিভূমি নষ্ট কৰিছে। আনকি অঞ্চলটোৰ স্থানীয় ৰাইজে হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাব লগীয়া হৈছে।

আনহাতে এই বিষয়ত স্থানীয় লোকে বন বিভাগৰ লোকক বাৰম্বাৰ জনোৱাৰ পিছতো বন বিভাগৰ লোকে বৰ্তমানলৈক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ফলত স্থানীয় লোকে উপায়হীন হৈ আজি  নিজেই হাতীৰ জাকটো খেদিবলৈ ওলায় যায়। যাৰ ফলত দুজনকৈ লোকে নিজৰ প্ৰাণ হেৰুৱাব লগীয়া হয়।

ইফালে ঘটনাৰ বিষয়ে ধিং আৰক্ষীয়ে জানিব পাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হাতীৰ জাকটোক খেদিবলৈ ফটকা, অাতচবাজীৰ লগতে কেইবা জাঁই গুলী শূন্যলৈ ফুটাই যদিও হাতীৰ জাকটো এডৰা মৰাপাটৰ মাজতে অৱস্থান কৰি আছে বুলি জানিব পৰা গৈছে।

Related News