নগাঁৱৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত ১৫ টা দুষ্প্ৰাপ্য শগুনৰ মৃতদেহ উদ্ধাৰ : অসুস্থ অৱস্থাত উদ্ধাৰ ১০০ টা

শগুনৰ

নগাঁও জিলাৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত দেওবাৰে বহু সংখ্যক দুষ্প্ৰাপ্য শগুনৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ বন্যপ্ৰেমী লোক সকলক চিন্তিত কৰি তুলিছে।

প্ৰাপ্ত তথ্য মতে নগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ দিশৰ লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ এক সংৰক্ষিত এলেকাত প্ৰায় ১৫ টা শগুনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। লগতে প্ৰায় ১০০ টা শগুন অসুস্থা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ বিভাগীয় বিষয়াই কোনো দুষ্কৃতিকাৰীয়ে অভয়াৰণ্যখনৰ শগুনসমূহ নিধন কৰাৰ উদ্দেশ্যে জীৱ-জন্তুৰ মৰাশৰ লগত বিষাক্ত দ্ৰব্য মিহলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে।

অভয়াৰণ্যখনত শগুনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অভয়াৰণ্যখনৰ এক ব্যাপক ক্ষতি সাধন কৰিলে একাংশই মত প্ৰকাশ কৰিছে।

আনহাতে শগুনৰ মৃতদেহ উদ্ধাৰৰ পিছতে অভয়াৰণ্যখনৰ বিভাগীয় বিষয়া সকল অভয়াৰণ্যখনত থকা বাঘক লৈ চিন্তিত হৈ পৰিছে। যিহেতু কোনো দুষ্কৃতিকাৰীয়ে যদি জীৱ-জন্তুৰ মৰাশত বিষাক্ত দ্ৰব্য দিছে আৰু সেয়া যদি অভয়াৰণ্যখনৰ বাঘে খায় তেন্তে শগুনৰ দৰে বাঘৰো মৃত্যু হ’ব পাৰে বুলি বিভাগীয় বিষয়াই শংকা প্ৰকাশ কৰিছে।

ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা পশু চিকিৎসকৰ দল অসুস্থ অৱস্থাত উদ্ধাৰ কৰা শগুন সকলৰ চোৱাচিতাৰ বাবে অভয়াৰণ্যখনত উপস্থিত হৈছে লগতে বন বিভাগে ঘটনা সন্দৰ্ভত অনুসন্ধান চলাইছে।

উল্লেখযোগ্য যে আজি কিছু দিনৰ পূৰ্বে শিৱসাগৰ জিলাৰ মগৰাহাটটো সংঘটিত এক মৰ্মান্তিক ঘটনাত ৩৬টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু হৈছিল। উক্ত শগুন কেইটাকো কোনো দুষ্কৃতিকাৰীয়ে বিষাক্ত দ্ৰব্য খুৱাই নিধন কৰিছিল।

ফলত বনপ্ৰেমী লোক সকলে এই ক্ষেত্ৰত বন বিভাগক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে লগতে তেওঁলোকে কয় যে এনেদৰে দুষ্প্ৰাপ্য শগুন দুষ্কৃতিকাৰীৰ হাতত নিধন হৈ থাকিলে এসময়ত ৰাজ্যখনৰ পৰা নাইকীয়া হৈ যাব এই দুষ্প্ৰাপ্য শগুন।