নগাওঁ আৰু কাছাৰ কাগজকল পুনৰুজ্জীৱিত কৰাৰ দাবীত তিনিচুকীয়াত এ জে ৱাই চি পিৰ প্ৰতিবাদ

AJYCP protest in Tinsukia

নগাওঁ আৰু কাছাৰ কাগজকল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে আজি মুখ্য মন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰৰণ কৰে।

কাগজকল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীৰ উপৰি বিদ্যুৎ মাচুল বৃদ্ধিকৰণৰ প্ৰতিবাদত ছাত্ৰ সংগঠনটোৱে আজি তিনিচুকীয়াত এক বিক্ষোভ কাৰ্যসূচী পালন কৰে। তেওঁলোকে কাগজকল দুটাক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে হেমাহী কৰি আহিছে অভিযোগ কৰে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে অচল হৈ থকা কাগজকল দুটাক পুনৰুজ্জীৱিত কৰাৰ বাবে আনুমানিক ১,৮০০ কোটি টকাৰ বিনিময়ত ব্যক্তিগতখণ্ডক গতাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি কিছুদিন পুৰ্বে অসম চৰকাৰে সদৰী কৰিছিল।

সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক কাঞ্চন বৰাই কয়, ‘আশ্বাস প্ৰদানৰ বাহিৰে চৰকাৰে কাগজকল দুটাক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত একো কৰা নায়। যাৰ ফলত কৰ্মচাৰী সকলৰ অৱস্থা শোচনীয় হৈ পৰিছে।’

তেওঁ লগতে কয় যে কাগজকল দুটাক পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত তেওঁলোকে তিনিচুকীয়াৰ উপায়ুক্তৰ জড়িয়তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

মন কৰিব লগীয়া যে ২০১৭ চনৰ ১৩ মাৰ্চৰ পৰা নগাওঁ কাগজকলৰ উৎপাদন বন্ধ হৈ থকাৰ বিপৰীতে ২০১৫ চনৰ অক্টোবৰৰ পৰা কাছাৰ কাগজকল বন্ধ হৈ আছে।