NORTHEAST NOW (Assamese)

নগাওঁ জিলাৰ কঠিয়াতলীতো হাতীৰ মৃতদেহ উদ্ধাৰ

December 10, 2017 1:07 pm · এন ই নাও নিউজ ব্যুৰো

শোণিতপুৰৰ বালিপৰা অঞ্চলত আজি যোৱা নিশা ছটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ দুঃখবৰৰ সমান্তৰালভাৱে পুৱাই নগাওঁ জিলাৰ  কঠিয়াতলীৰ কাফিতলীত এজনী প্ৰকাণ্ড হাতী পৰি  থকা  স্থানীয় লোকে দেখা পায় । ভালকৈ চোৱাৰ পিছত হাতীজনী মৰি পৰি থকা বুলি স্থানীয় ৰাইজ নিশ্চিত হয়। উল্লেখযোগ্য যে আজি যোৱা নিশাই শোণিতপুৰ জিলাৰ বালিপৰাত ৰেইলৰ খুন্দাত ছটাকৈ বনৰীয়া হাতীৰ মৃত্যু হয়। ৰাজ্যৰ চাৰিওফালে হাতী-মানুহৰ সংঘাতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ফলস্বৰূপে ক’ৰবাত মানুহ, ক’ৰবাত হাতীৰ মৃত্যু হোৱাটো নিয়মত পৰিণত হৈছে। জানিব পৰামতে  কন্দলী অঞ্চলত দীৰ্ঘদিন ধৰি পাহাৰৰ পৰা নামি অহা  বনৰীয়া হাতীৰ পাল নামি আহি সন্ত্ৰাস চলাই আহিছিল ।

Related News