নগাৰ বেদখলৰ বিৰুদ্ধে ৰাজ্যৰ দহটা ছাত্ৰ সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

সদৌ অসম ছাত্ৰ সন্থা (আছু) ৰ নেতৃত্বত দহটা সংগঠনে অসমৰ ছখন সীমান্ত জিলা ক্ৰমে যোৰহাট, গোলাঘাট, চৰাইদেও, শিৱসাগৰ, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ কিছুমান অঞ্চলত নগাৰ বেদখলৰ পৰা অসমৰ ভূমি ৰক্ষা কৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ বিৰুদ্ধে এক ঐক্যবদ্ধ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’বলগীয়া সংগঠন কেইটা হ’ল আছু, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, সদৌ বড়ো ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ তাই আহোম ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা আৰু টাকাম ইমছিং পৰিন কৌবাঙ।

সংগঠনকেইটাই একেমুখে কয় যে নাগালেণ্ড গঠন হোৱা দিনৰে পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমস্যাটো সমাধানৰ বাবে একো কৰা নাই। ফলস্বৰূপে সীমান্ত অঞ্চলত বাস কৰা লোকসকলে নগাৰ আতিশয্য সহিবলগীয়া হৈছে। আছুৰ সহকাৰী সাধাৰণ সম্পাদক মনোৱাৰ হছেইনে কয়, ‘আমি অসমত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছো। সমস্যাটো জটিল ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ দাবীসমূহ পূৰণ নোহোৱালৈকে আমাৰ কাৰ্যসূচী চলাই যাম।’ তেওঁ লগতে কয়, ‘নগাই শেহতীয়াকৈ গোলাঘাট জিলাৰ উৰিয়াম ঘাটত এটা মহকুমা স্থাপন কৰিছে, কিন্তু আমাৰ চৰকাৰে এষাৰ মাতো মতা নাই। সীমান্তত চি আৰ পি এফক এক নিৰপেক্ষ বাহিনী হিচাপে নিয়োগ কৰা হৈছে  কিন্তু তেওঁলোকে সঠিক ভূমিকা পালন কৰিব পৰা নাই। নগাই ৭০,০০০ হেক্টৰতকৈয়ো অধিক অসমৰ ভূমি দখল কৰিছে আৰু গোলাঘাট জিলাৰ বিবদমান অঞ্চলত চাৰিটা মহকুমা স্থাপন কৰিছে। কিন্তু ৰাজ্য চৰকাৰে এতিয়াও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।’

আটাছাৰ সহকাৰী সাধাৰণ সম্পাদক ধীৰাজ গোৱালাই কয়, ‘আমি নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ বিষয়বস্তু জানিব বিচাৰিছো কিন্তু চৰকাৰে এয়া গোপন কৰি ৰাখিছে। আমি কেতিয়াও নাগালিমৰ বাবে আমাৰ এক ইন্সি মাটিও এৰি নিদিওঁ।’ তেওঁ লগতে কয় যে যোৰহাট জিলাৰ মৰিয়নিৰ নাগিনীজান চাহ বাগিচাৰ পৰা নাগা ভিলেজ কাউন্সিলে নিয়মীয়াকৈ কৰ সংগ্ৰহ কৰি আহিছে।