নগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত ডিমা হাচাওৰ মহিলাৰ প্ৰতিবাদ

index

ডিমা হাচাওৰ বিভিন্ন প্ৰান্তৰ মহিলা সকল একত্ৰিত হৈ আজি দিছপুৰ লাষ্টগেটত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

কিছুদিন আগতে মাইবঙত ৰে’ল অৱৰোধ কৰোতে মিথুন ডিবৰাগেডে আৰু প্ৰবন্ত হাকমাওচা নামৰ দুজন যুৱক প্ৰতিবাদকাৰী আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছিল।

এই ঘটনাৰ প্ৰতিবাদত আজি ডিমা হাচাওৰ মহিলাসকলে বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে গুৱাহাটীলৈ আহি অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

মহিলা সকলৰ হৈ ৰূপালী লাংথাচাই নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’মাইবঙ কাণ্ডৰ সৈতে জড়িত আৰক্ষী বিষয়া তথা উপায়ুক্তৰ ওপৰত ন্যায়িক তদন্ত হ’ব লাগে।”

তদুপৰি এই ঘটনাত আহত হোৱা সকলৰ সন্দৰ্ভত তেওঁ কয়, “গুৰুতৰভাৱে আহত সকলক চৰকাৰে ১ লাখ টকাৰ সাহায্য দিছে যদিও সেয়া পৰ্যাপ্ত নহয়। গতিকে এই লোকসকলৰ সম্পূৰ্ণ চিকিৎসাৰ খৰচ বহন কৰিবৰ বাবে আমি মহিলাসকলে দাবী জনাইছো।”

লক্ষ্যণীয় যে অসমৰ ভূমি ৰক্ষাৰ বাবে প্ৰতিবাদ কৰিবলৈ গৈ কিহৰ বাবে ডিমাচা লোকসকল হিংসাৰ বলি হ’বলগীয়া হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি ৰূপালীয়ে মন্তব্য কৰে যে  “অনতিপলমে নগাসকলক এক ইঞ্চি মাটিও নিদিও বুলি বিধান সভাৰ মজিয়াত ঘোষণা কৰক। লগতে ছেটেলাইট কাউন্সিল পাতিব বিচৰা কথাষাৰ মিছা বুলি স্পষ্ট কৰক।”

ৰূপালীৰ মতে “কেন্দ্ৰীয় চৰকাৰ আৰু NSCN(IM) ৰ মাজত যি নগা ফ্ৰেমৱৰ্ক চুক্তি হৈছে সেয়া ৰাজহুৱা কৰিব লাগে।”

যদি এই দাবীসমূহ পূৰণ কৰিব নোৱাৰে তেন্তে তেওঁলোকক ২৪৪/ক অনুচ্ছেদ অনুসৰি ডিমা হাচাওক পৃথক ৰাজ্য হিচাপে গঠন কৰি দিয়াৰ বাবে ৰূপালী লাংথাচাই দাবী জনায়।