• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল; জাতি-মাটি-ভেটি বিক্ৰীত লিপ্ত হৈছে বিজেপি চৰকাৰ-পুনম গগৈ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 2, 2024 5:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ হ’ল আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈ।

আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ নেত্ৰীগৰাকীয়ে কয়, ” বৰ্তমানৰ চৰকাৰে ডিমা হাছাও জিলাৰ খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভেটি – মাটিৰ পৰা উচ্ছেদ কৰি সেই মাটি পুঁজিপতিক গতাই দিব বিচাৰিছে। উমৰাংছুৰ ৯ হাজাৰ বিঘা মাটি গুজৰাটৰ ব্যৱসায়ী গৌতম আদানিৰ চিমেন্ট কাৰখানা স্থাপনৰ বাবে আবন্টন দিছে। উমৰাংছু অঞ্চলৰ ডিমাছা, কুকি, কাৰ্বি আদি জনগোষ্ঠীৰ শ শ পৰিয়ালক উচ্ছেদ কৰি পুঁজিপতিৰ স্বাৰ্থ সিদ্ধি কৰিব বিচাৰিছে। এটা কথাত বিজেপিৰ ঘনিষ্ঠ গুজৰাটী বনিয়াৰ হাতত বিজেপি চৰকাৰে খিলঞ্জীয়াৰ জাতি- মাটি – ভেটি বিক্ৰী কৰিবলৈ ওলাইছে। আমি আম আদমী পাৰ্টিয়ে চৰকাৰৰ খিলঞ্জীয়া বিৰোধী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ”

সংবাদমেলত পুনম গগৈয়ে ডিমা হাছাও জিলাক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ডৰ সৈতে তুলনা কৰি অঞ্চলটোৰ মনোমোহা প্ৰাকৃতিক পৰিবেশৰ ওপৰত ভিত্তি কৰি পৰ্যটন উদ্যোগ গঢ়ি তুলিবলৈ দাবী জনায়। আনহাতে, অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছ উদ্ঘাটন আৰু তেল খননৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্য বেদান্ত গ্ৰুপক গতাই দিয়াৰ বিৰুদ্ধেও সৰৱ হয় আপৰ নেত্ৰী গৰাকী।

Apply Now

প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বাসভূমি গিবন অভয়াৰণ্যত খননৰ পৰিকল্পনা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। ইপিনে, ৰাজ্য চৰকাৰে হকে-বিহকে চলোৱা উচ্ছেদ অভিযানৰো তীব্ৰ বিৰোধিতা কৰে পুনম গগৈয়ে। শেহতীয়া ভাৱে উচ্ছেদৰ বলি হোৱা সোণাপুৰৰ কচুতলীৰ ৪৭ টা পৰিয়ালে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়ালয়ে অসম চৰকাৰলৈ আদালত অৱমাননাৰ জাননী প্ৰেৰণ কৰে। এই সন্দৰ্ভত আপৰ নেত্ৰী গৰাকীয়ে চৰকাৰৰ উচ্ছেদৰ ৰাজনীতিৰ বিৰোধিতা কৰি কয় যে কোনো ধৰণৰ পুনৰ্বাসন বা পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ চৰকাৰে উচ্ছেদ বন্ধ কৰা উচিত।

সংবাদমেলত আপৰ নেত্ৰী মিতালী গগৈ আৰু যুৱ নেতা লক্ষ্যজিৎ গগৈয়ো উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd