নগা শান্তি চুক্তি : বৰদিনৰ পূর্বেই এক সিদ্ধান্তত উপনীত হ’ব পৰা যাব বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে মন্তব্য কৰিছে

বৰদিন বা অহা বিধানসভা নির্বাচনৰ পূর্বে নগা শান্তি চুক্তি সন্দর্ভত এক সিদ্ধান্তলৈ আহিব পৰা যাব বুলি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে আশা ব্যক্ত কৰিছে। আনহাতে মণীপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ২৫ নৱেম্বৰত নতুন দিল্লীত সাংবাদিক সকলৰ আগত মত ব্যক্ত কৰি কয় যে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে কেন্দ্ৰই উত্তৰ-পূবৰ সকলো ৰাজ্যৰ লগত আলোচনা কৰিব আৰু বর্তমানলৈকে এই সন্দর্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই।

কিছুদিনৰ পূর্বে নাগা শান্তি চুক্তি মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ৬ টা নগা জাতীয় ৰাজনৈতিক সংগঠনৰ কার্যকৰী কমিটি আৰু নগা নাগৰিক সমাজৰ সংগঠনৰ লগত এলানী বৈঠকত মিলিত হয়।

অসমৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক কিছু দিন পূর্বে সাক্ষাৎ কৰোতে নাগালেণ্ডৰ প্ৰসংগই স্থান পায়। গৃহ মন্ত্ৰী গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক আশ্বাস দিয়ে যে কোনো কা্ৰণতে অসমৰ ভৌগলিক অখণ্ডতাৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব আৰু কেন্দ্ৰীয় চৰকাৰে অঞ্চলটেোত শান্তি সম্প্ৰীতি বাহাল ৰখাৰ ক্ষেত্ৰত বদ্ধ পৰিকৰ।