নতুনকৈ নামকৰণ কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱনসমূহ

Gauhati-University-Assam-570x320

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক ভৱনসমূহ নতুনকৈ নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ দাবী মানি লৈ শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

এই সিদ্ধান্ত অনুসৰি বিশ্ববিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ শৈক্ষিক ভৱনসমূহ অসমৰ যশস্বী বিদ্বানসকলৰ নামেৰে নতুনকৈ নামকৰণ কৰা হ’ব।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে ইতিমধ্যে ছাত্ৰ একতা সভাৰ দাবী মানি লৈ পুনৰ-নামকৰণৰ বাবে প্ৰযোজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

এতিয়াৰে পৰা নতুন শৈক্ষিক ভৱন (নিউ একাডেমিক বিল্ডিং) লক্ষীনাথ বেজবৰুৱা ভৱন হিচাপে নামকৰণ কৰা হ’ব আৰু নতুন কলা ভৱনে (নিউ আৰ্টছ বিল্ডিং) সূৰ্য কুমাৰ ভূঞা ভৱন হিচাপে নতুন পৰিচিতি লাভ কৰিব। সেইদৰে কলা ভৱনক ড০ বাণীকান্ত কাকতী ভৱন আৰু এটি হ’লক বিষ্ণু প্ৰসাদ ৰাভা ভৱন হিচাপে নামকৰণ কৰা হ’ব।

আগষ্ট মাহৰ ফালে এই নতুন নামকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।