নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ অসুস্থ হৈ চিকিৎসালয়ত দহদিন : খবৰ নল’লে চৰকাৰী পক্ষই

Satradhikar

গুৱাহাটীৰ ইণ্টাৰনেশ্যনেল হস্পিটেলত চিকিৎসাধীন নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ। কংগ্ৰেছী বিধায়ক দেৱব্ৰত শইকীয়াই সাক্ষাৎ কৰাৰ মুহূৰ্তত। ফটো : টুইটাৰৰ সৌজন্যত।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণচন্দ্ৰ দেৱগোস্বামী যোৱা দহদিন ধৰি অসুস্থ হৈ গুৱাহাটীৰ ইণ্টাৰনেশ্যনেল হস্পিটেলত চিকিৎসাধীন হৈ আছে। অথচ মুখ্য মন্ত্ৰীটো বাদেই, কোনো চৰকাৰী পক্ষই খবৰ এটা লোৱা নাই সত্ৰাধিকাৰজনৰ।

অৱশ্যে সত্ৰাধিকাৰজনৰ লগত চিকিৎসালয়খনত থকা ডেকা সত্ৰাধিকাৰ সত্যজিৎ মহন্তৰ সৈতে যোগাযোগ কৰাত সত্ৰাধিকাৰজন ক্ৰমে ক্ৰমে সুস্থ হোৱা বুলি জানিব পৰা গৈছে।

ডেকা সত্ৰাধিকাৰে জনোৱামতে আজি বা কাইলৈ তেওঁলোক চিকিৎসালয়ৰ পৰা অব্যাহতি লৈ মাজুলীলৈ প্ৰত্যাৱৰ্তন কৰাৰ কথা ভাবি আছে। ডেকা সত্ৰাধিকাৰজনে জনোৱামতে, যোৱা ১৫ ফেব্ৰুৱাৰিতেই সত্ৰাধিকাৰজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

দেৰগাৱঁত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পিছতে অসুস্থ হৈ পৰা সত্ৰাধিকাৰজনক প্ৰথমে যোৰহাটত এজন চিকিৎসকে চাই গুৱাহাটীত ভালদৰে দেখুওৱাৰ বাবে পৰামৰ্শ দিয়াত গুৱাহাটীৰ ইণ্টাৰনেশ্যনেল হস্পিটেলত দেখুৱাবলৈ আনে। ইয়াত বিভিন্নটা পৰীক্ষা-নিৰীক্ষা কৰি চিকিৎসা আগ বঢ়োৱা হয় আৰু ক্ৰমে সুস্থ হয়।

এতিয়াও এটা পৰীক্ষাৰ প্ৰতিবেদন পাবলৈ বাকী থকা বাবে চিকিৎসকে সেইটোৰ বাবে ৰখাই থোৱা বুলি জনাইছে। ডেকা সত্ৰাধিকাৰজনে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ লগতে ডাঃ তন্ময় দাসৰ বিশেষ শলাগ লয়।

আনহাতে তেওঁ এন ই নাওক জানিবলৈ দিয়ামতে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সাংসদ গৌৰৱ গগৈৰ লগতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও সত্ৰাধিকাৰজনৰ স্বাস্থ্যৰ বুজ লৈ যায়।

তাৰ বিপৰীতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজৰ সমষ্টিৰে এজন বিশেষ ব্যক্তি হোৱা সত্ত্বেও সোণোৱালে উপযাচি খা-খবৰ কৰা নাই বুলি জানিবলৈ দিয়ে ডেকা সত্ৰাধিকাৰজনে। আনহাতে খা-খৰচ সম্পৰ্কত ডাঃ তন্ময় দাসে চিন্তা কৰিব নালাগে বুলি আশ্বাস দিয়া বুলিও জনায়।