নতুন চিত্ৰগৃহ মুকলি কৰিব বিচৰাসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰিব সাহাৰ্য

অভিনেতা যতিন বৰা আৰু মন্ত্ৰী নৱ কুমাৰ দলে

অসমৰ ছবি গৃহসমূহ পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰা বুলি শুকুৰবাৰে মহানগৰীত আয়োজিত এক সংবাদমেলযোগে সদৰী কৰে অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই। তাৎপৰ্যমূলক মন্তব্য আগবঢ়াই কয় যে নতুনকৈ চিত্ৰগৃহ মুকলি কৰিব খোজাসকলক চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকা পৰ্যন্ত আৰু বন্ধ হৈ থকা চিত্ৰগৃহসমূহ পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰে আগবঢ়াব ২৫ লাখ টকা। ইতিমধ্যে এই উদ্দেশ্যেৰে ৫ কোটি টকা আবণ্টন কৰা হোৱা বুলিও বৰাই প্ৰকাশ কৰে। তদুপৰি নতুনকৈ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি অহা প্ৰযোজক-পৰিচালকক চৰকাৰীভাৱে বিশেষ ৰেহাই দিয়াৰ আঁচনি গ্ৰহণ কৰা হৈছে বুলি অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে।

আনহাতে দীঘলীয়া বৰ্ণিল যাত্ৰাৰ স্বাক্ষৰ বহন কৰা অসমীয়া ছবিসমূহ ডিজিটেলাইজেচনৰ জৰিয়তে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধীনত সংৰক্ষিত কৰি ৰখা মুঠ ১৩৫ খন অসমীয়া ছবিক ডিজিটেলাইজেচনৰ জৰিয়তে সংৰক্ষণ কৰাৰ চিন্তা-চর্চা করিছে। ইয়াৰে প্ৰথম পদক্ষেপ হিচাপে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি সম্বলিত ‘জয়মতী’সহ মুঠ ৫০খন অসমীয়া ছবি সংৰক্ষিত কৰিব বুলি শুকুৰবাৰে যতীন বৰাই সদৰী কৰে।

উক্ত সংবাদমেলত উপস্থিত থকা ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেও অসমীয়া ছবিৰ উত্তৰণৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ আৰু আঁচনি গ্ৰহণ কৰা সন্দৰ্ভত বিশদভাৱে প্ৰকাশ কৰে। আনহাতে বিগত প্ৰায় ৩ বছৰ ধৰি বন্ধ হৈ থকা অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিতৰণৰ বাবে অহা ১১, ১২ আৰু ১৩ মে’ত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদমেলযোগে প্ৰকাশ কৰে।

ইপিনে চৰকাৰীভাৱে নিৰ্মাণ কৰি থকা জোনাকী চিত্ৰগৃহৰ কাম প্ৰায় ৪০ শতাংশ সম্পন্ন হোৱা বুলি প্ৰকাশ কৰি বৰাই লগতে কয় যে তেজপুৰৰ জোনাকী চিত্ৰগৃহ সংগ্ৰহালয় হিচাপে চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব। সামগ্ৰিকভাৱে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উত্তৰণৰ ক্ষেত্ৰত চৰকাৰখনে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি দোহাৰে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলেই।