নতুন বছৰটোৰ প্ৰাকমুহূৰ্তত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যই পালে এজন বিশেষ অতিথি

নতুন বছৰটোৰ প্ৰাকমুহূৰ্তত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যই পালে এজন বিশেষ অতিথি। সামান্য অসুস্থতা সত্ত্বেও কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয়পথ তথা জল পৰিবহণ আৰু জল সম্পদ মন্ত্ৰী নীতিন গাডকাৰিয়ে যোৱা ২৯ ডিচেম্বৰত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশ্বখ্যাত এশিঙীয়া গঁড়ৰ বৃহত্তম বাসভূমি কাজিৰঙা দৰ্শন কৰাৰ বাবে অভয়াৰণ্যখনত উপস্থিত হৈছিল।

উল্লেখযোগ্য যে যোৱা ২৯ ডিচেম্বৰত মাজুলীৰ এটা কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীজন হঠাতে সামান্যভাৱে অসুস্থ হৈছিল। সেই সময়ত তেওঁ চিকিৎসাৰ বাবে শীঘ্ৰেই নতুন দিল্লীলৈ ঘূৰি যোৱাৰ সম্ভাৱনাই দেখা দিছিল যদিও অসুস্থতা গুৰুতৰ নহয় বুলি চিকিৎসকে কোৱাৰ পিছত আন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। উত্তৰ-পূবৰ ৰাস্তা-ঘাটৰ উন্নয়ন সম্পৰ্কীয় আলোচনা কৰিবলৈ মুখ্য মন্ত্ৰীসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিবলৈ তেওঁ যোৱা ২৯ ডিচেম্বৰতে কাজিৰঙাত উপস্থিত হৈছিল। চৰকাৰী কাৰ্য্যসূচীৰ পিছতো যোৱা দুদিন ধৰি কেন্দ্ৰীয় মন্ত্ৰীজনে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাইছে কহৰা ৰেঞ্জৰ কাষৰ বৰগছ নামৰ ৰিজ’ৰ্টখনত। যোৱা দুদিন ধৰি গাডকাৰি আৰু তেওঁৰ পৰিয়ালে অসমীয়া খাদ্য সম্ভাৰৰ সোৱাদ লৈছে। প্ৰথম দিনা তেওঁলোকক আদৰণি জনাবলৈ এটা সাংস্কৃতিক কাৰ্য্যসূচীও লোৱা হৈছিল।

এক সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় মন্ত্ৰীজনে কাজিৰঙাৰ ভিতৰলৈ যাবলৈ হাতী ছাফাৰিৰ লগতে জীপ ছাফাৰিও কৰিছিল। কাজিৰঙাৰ সৌন্দৰ্য্য উপভোগ কৰাৰ মাজে মাজে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ চৰকাৰী বিষয়াসকলৰ সৈতেও বৈঠকত ভাগ লৈ আছে। মন্ত্ৰীজনে কালি এখন সংবাদমেলতো অংশগ্ৰহণ কৰে। সূত্ৰটোৱে কয় যে পুৰণি বছৰটোৰ অন্তিম সময়খিনি কাজিৰঙাৰ অৰণ্যময় পৰিৱেশত কটোৱাৰ পিছত সোমবাৰে পৰিয়ালসহ নতুন দিল্লীলৈ উৰা মাৰিব।