নতুন মন্ত্ৰী ফণীভুষণ চৌধুৰীক সমষ্টিৰ বিভিন্ন ব্যক্তি, দল-সংগঠনৰ শুভেচ্ছা

Phani-story-pic-copy-570x320

বঙাইগাঁও জিলাৰ বঙাইগাওঁ সমষ্টিৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰীক সোণোৱাল মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি কেবিনেট মন্ত্ৰিত্ব দিয়াত উৎফুল্ল হৈছে সমষ্টিবাসী।

নিকা ভাবমূৰ্তি তথা সৰল জীৱন-যাপনৰ বাবে সমষ্টিবাসীৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ মাজতে পৰিচিত চৌধুৰীক মন্ত্ৰিত্ব পোৱা বাবে বিভিন্নজনে আৰু বিভিন্ন দল-সংগঠনে শুভেচ্ছা আৰু অভিনন্দন জনাইছে। সমষ্টিটোৰ অগপ দলৰ কৰ্মী-সমৰ্থকসকলেও তেওঁক শুভেচ্ছা জনায়।

সমষ্টিৰ শুভাকাংক্ষীসকলে তেওঁক শুভেচ্ছা জনোৱাৰ লগতে সৰ্বাংগীণ উন্নয়ন আৰু নিষ্ঠাৰে কাম কৰিবলৈও আহ্বান জনায়।

উল্লেখযোগ্য যে কালি সম্প্ৰসাৰণ কৰা সোণোৱাল মন্ত্ৰীসভাত ফণীভূষণ চৌধুৰীক কেবিনেট মন্ত্ৰী হিচাপে স্থান দিয়া হৈছে। তেওঁক খাদ্য আৰু অসামৰিক যোগান, উপভোক্তা পৰিক্ৰমা, পেন্সন আৰু ৰাজহুৱা অভিযোগ -এইকেইটাৰ দায়িত্ব দিয়া হৈছে।

মন কৰিব লগীয়া কথাটো হ’ল- চৌধুৰী ১৯৮৫ চনৰ পৰা একেৰাহে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছে। তেওঁ ৭ বাৰকৈ সমষ্টিক প্ৰতিনিধিত্ব কৰিছে। নিকা ভাবমূৰ্তিৰ আৰু সৰল জীৱন যাপন কৰা চৌধুৰীৰ নাই এখন নিজা গাড়ীও। তেওঁ গুৱাহাটীৰ পৰা গৃহ সমষ্টিলৈ গ’লে প্ৰায়ে ৰে’লেৰে যায়। এনেকুৱা এজন নিকা ভাবমূৰ্তিৰ জনপ্ৰতিনিধিক মন্ত্ৰিত্ব দিয়াত সকলো স্বাভাৱিকতে আনন্দিত হৈছে।