নলবাৰীত একেদিনাই দুটাকৈ গুৰুতৰ পথ দুৰ্ঘটনা; ভাগি চূচুৰ্মৈ ভুটানৰ যাত্ৰীবাহী বাহন

অসমত নৈমিত্তিক ঘটনাত পৰিণত হোৱা পথ দুৰ্ঘটনাৰ ধাৰাৱাহিকতা ৰক্ষা কৰি নলবাৰীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আজি ৭ জুলাইতে সংঘটিত হয় দুটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা।

নলবাৰী বৰকুৰাত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত শুকুৰবাৰে নিশা ৰৈ থকা মালবাহী ট্ৰাক (NL01L 4395)ত দুচকীয়া বাহন (AS 14G 3954)খনে খুন্দা মৰাত টিহুৰ নীতিশ ডেকা (২২ বছৰীয়া) নামৰ লোকজন থিতাতে নিহত হয়। ঘটনাটোত প্ৰদ্যুত কাশ্যপ (২১ বছৰীয়া) নামৰ এজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোত আহত প্ৰদ্যুতক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়৷

৩১নং ৰাষ্ট্ৰীয় ঘাইপথতে আৰক্ষী ছাউনিৰ সন্মুখত আজি ৭ জুলাইত সংঘটিত আনটো দুৰ্ঘটনাত বৰপেটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS01GC 4832 নম্বৰৰ ষ্টাৰ বাছখনৰ পিছফালে ভুটানৰ BP2A0038 নম্বৰৰ ট্ৰেভেলাৰখনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত শিশুসহ ৬জন যাত্ৰী গুৰুতৰভাৱে আহত হয়৷

আঘাত গুৰুতৰ হোৱা বাবে আহত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে।

দুৰঘটনাটোৰ ফলত ট্ৰেভেলাৰখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ যায়৷