NORTHEAST NOW (Assamese)

নলবাৰীত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

May 28, 2018 11:51 am · এন ই নাও নিউজ

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ-বিক্ষোভৰ জুই। ইতিমধ্যে ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণ তথা দল-সংগঠনে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে মাৰবান্ধি ওলাই আহি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।

ঠিক সেইদৰে আজি নলবাৰীতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এজেৱাইচিপি জিলা সমিতিয়ে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

সংগঠনটোৰ নেতৃবৃন্দই দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদি, কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি বিধেয়কখনৰ বিৰোধীতা কৰে। তাৰোপৰি কেন্দ্ৰীয় চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদি হায় হায় তথা মুখ্য মন্ত্ৰী সোণোৱাল মূৰ্দাবাদ আদি ধ্বনিৰে কিছু সময়ৰ বাবে পৰিৱেশ উত্তাল কৰি তোলে।

সংগঠনটোৰ নেতৃবৃন্দই প্ৰতিবাদস্থলীৰ পৰাই কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক এই জাতিধ্বংসী বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায়। অন্যথা পৰৱৰ্তী সময়ত ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ নেতৃবৃন্দই।

Related News