নলবাৰীত ১০৮ মৃত্যুঞ্জয় বাহিনীৰ অনাথ আশ্ৰমৰ আৱাসীক বিনামূলীয়া চিকিৎসা প্ৰদান

কালি নলবাৰী চহৰত থকা ‘শান্তি নিবাস অনাথ আশ্ৰম’ত ১০৮ বাহিনীৰ এটা দল উপস্থিত হৈ আশ্ৰমখনৰ আবাসী শিশু, কিশোৰ আৰু বৃদ্ধাক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে। বিভিন্ন সময়ত ১০৮ বাহিনী সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে নলবাৰী ১০৮ এম্বুলেঞ্চ সেৱাত জৰিত এচামে দাঙি ধৰিছে মানৱতাৰ নিদৰ্শন। এনেকুৱা এক নিদৰ্শন দাঙি ধৰিছে এম্বুলেন্স সেৱাৰ নলবাৰীৰ বিষয়া ৰাজীৱ হুছেইনৰ নেতৃত্বত অহা এটি দলে। জ্যেষ্ঠ সাংবাদিক মজিবুৰ ৰহমানৰ সঞ্চালনাত চলা স্বাস্থ্য পৰীক্ষা শিবিৰত এম্বুলেন্স সেৱাৰ গোটটোৱে আশ্ৰমৰ সকলো আবাসীকে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰে। দিনে নিশাই ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱা তথা চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কোনো গাফিলতি নকৰা এই সকল বিষয়া কৰ্মচাৰীৰ পদক্ষেপক নলবাৰীবাসীয়ে প্ৰশংসা কৰিছে।