• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নলবাৰীত ৫০ হেজাৰ লোকৰ নাম নোসোমাল এন আৰ চিৰ চূড়ান্ত খচৰাত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 31, 2018 4:02 pm
NRC

প্ৰতিনিধিত্বমূলক ছবি

102
VIEWS
Share on FacebookShare on Twitter

দীর্ঘদিনীয়া আশা-আকাংক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা। চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন অঞ্চলত লোকসকলে নিজৰ নাম এন আৰ চিত অন্তৰ্ভূক্তি হৈছে নে নাই তাক লৈ ব্যস্ত হৈ থকা সময়তে খবৰ পোৱা অনুসৰি নলবাৰীত ৫০ হেজাৰ লোকৰ নাম অন্তৰ্ভুক্ত নহ’ল চূড়ান্ত খচৰাত।

চূড়ান্ত খচৰাত নলবাৰী জিলাৰ প্ৰায় ৫ শতাংশৰো অধিক লোকৰ নাম বাদ পৰিছে যদিও এইপৰ্যন্ত জিলাখনৰ কোনো ঠাইৰ পৰা কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই।

উল্লেখ্য যে নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে জানিবলৈ দিয়া মতে, জিলাখনৰ ৮,২৭,৩১৩গৰাকী লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হৈছে। অৱশ্যে উপায়ুক্তই উচ্চ পৰ্যায়ৰ বিষয়াৰ লিখিত নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই সম্বন্ধত কোনো অধিক তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে।

উপায়ুক্ত দাসে জিলাখনৰ ৬৫টা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সেৱা কেন্দ্ৰত সোমবাৰে চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰি কয় যে জিলাখনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে সমগ্ৰ জিলাখনতে সুৰক্ষা বাহিনীৰ ৯টা অতিৰিক্ত কোম্পানী মোতায়েন কৰা হৈছে।

উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ৩,৯২,৩৮৬ গৰাকী, অৰ্থাৎ ৪৭.৪৩ শতাংশৰ নাম আহিছিল। আৰু ইফালে জিলাখনৰ ১,৫৪২ গৰাকী লোকৰ গোচৰ বিদেশী ন্যায়াধিকৰণত চলি থকাৰ পৰিপ্ৰেক্ষিতত আৰু ৫৪৬জন ডি ভোটাৰৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ দিয়া হৈছে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd