দীর্ঘদিনীয়া আশা-আকাংক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত খচৰা। চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন অঞ্চলত লোকসকলে নিজৰ নাম এন আৰ চিত অন্তৰ্ভূক্তি হৈছে নে নাই তাক লৈ ব্যস্ত হৈ থকা সময়তে খবৰ পোৱা অনুসৰি নলবাৰীত ৫০ হেজাৰ লোকৰ নাম অন্তৰ্ভুক্ত নহ’ল চূড়ান্ত খচৰাত।
চূড়ান্ত খচৰাত নলবাৰী জিলাৰ প্ৰায় ৫ শতাংশৰো অধিক লোকৰ নাম বাদ পৰিছে যদিও এইপৰ্যন্ত জিলাখনৰ কোনো ঠাইৰ পৰা কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই।
উল্লেখ্য যে নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে জানিবলৈ দিয়া মতে, জিলাখনৰ ৮,২৭,৩১৩গৰাকী লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হৈছে। অৱশ্যে উপায়ুক্তই উচ্চ পৰ্যায়ৰ বিষয়াৰ লিখিত নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এই সম্বন্ধত কোনো অধিক তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে।
উপায়ুক্ত দাসে জিলাখনৰ ৬৫টা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সেৱা কেন্দ্ৰত সোমবাৰে চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰি কয় যে জিলাখনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে সমগ্ৰ জিলাখনতে সুৰক্ষা বাহিনীৰ ৯টা অতিৰিক্ত কোম্পানী মোতায়েন কৰা হৈছে।
উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত ৩,৯২,৩৮৬ গৰাকী, অৰ্থাৎ ৪৭.৪৩ শতাংশৰ নাম আহিছিল। আৰু ইফালে জিলাখনৰ ১,৫৪২ গৰাকী লোকৰ গোচৰ বিদেশী ন্যায়াধিকৰণত চলি থকাৰ পৰিপ্ৰেক্ষিতত আৰু ৫৪৬জন ডি ভোটাৰৰ নাম চূড়ান্ত খচৰাৰ পৰা বাদ দিয়া হৈছে।