নলবাৰী জিলাৰ বালিকুছিত শোকাৱহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ জনকৈ লোক নিহত

নলবাৰী জিলাৰ বালিকুছিত শণিবাৰে সন্ধিয়া এক ভয়াবহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ জনকৈ লোক নিহত হয়। বালিতাৰাৰ পৰা  এখন এল্ট’ গাড়ীৰে আহি থাকোতে বালিকুছি চকৰ কাষতে অৱস্থিত এখন ওখ পকী দলঙৰ পৰা নামোতে কাষৰ মেটেকাৰে পৰিপূৰ্ণ দ খাৱৈত গাড়ীখন বাগৰি পৰে। ফলত থিতাতে নিহত হয়  ভিতৰত থকা আটাইকেইজন আৰোহী। নিহত কেইজন ক্ৰমে সমো তালুকদাৰ(৭১), তেওঁৰ পত্নী বৰোদা তালুকদাৰ(৫৫), কন্যা ৰুমী তালুকদাৰ কলিতা(৩৮), পম্পী তালুকদাৰ(৩২), প্ৰগতি তালুকদাৰ(২২) আৰু নাতিনীয়েক হংশিতা কলিতা(৮)। লক্ষ্যণীয় যে এই পৰিয়ালটোৰ ঘৰ সোনকাণি গাওঁত।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু সময়লৈকে কোনেও  দেখা নাছিল। অলপ দেৰিকে এজন চাইকেল আৰোহীয়ে দলঙৰ পৰা কিবা মাত শুনি তললৈ নামি যায় আৰু মেটেকাৰ মাজত গাড়ীখন দেখে। লগে লগে লোকজনে ওচৰৰ বালিকুছি চ’কত খবৰ দিয়াত স্থানীয় লোক তথা গ্ৰাম্যবিকাশ মঞ্চৰ সদস্য কেইজনমানে খাৱৈত নামি গাড়ীৰ গ্লাছ ভাঙি লোক কেইজনক উলিয়াই। বাহিৰলৈ উলিয়াই আনে যদিও তেতিয়ালৈ আটাইকেইজন লোকৰে প্ৰাণ গৈছিল। দুৰ্ঘটনাত পতিত গাড়ীখনৰ চালকৰ আসনত থকা সোমো তালুকদাৰ নলবাৰীৰ এগৰাকী বিশিষ্ট সমাজ সেৱক আছিল। এই শোকাৱহ ঘটনাটোত নিহত হোৱা ৰুমী তালুকদাৰ কলিতা আৰু কনমানি হংশিতা কলিতা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ পত্নী আৰু কন্যা। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে প্ৰমোদ কলিতা ঘটনা স্থলীত উপস্থিত হয় আৰু পত্নী, কন্যাৰ মৃত্যুত শোকত ভাগি পৰে। দুৰ্ঘটনা সংঘটিত হোৱা স্থলীত আৰু পিছত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎলায়ত লোকে লোকাৰণ্য হৈ পৰে। কণমানি হংশিতা সহ মুঠ ছগৰাকীৰ মৃতদেহ পৰি থকা এই  হৃদয় বিদাৰক দৃশ্য দেখি সকলোৱে  চকুলো তুকিছে।

মন কৰিবলগীয়া যে শীতৰ দিনত ঘন কুৱলীৰে চৌদিশ আৱৰি ধৰা বাবে এনে ধৰনৰ ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ উপৰি বালিকুছিৰ এই দলং খনৰ দুয়োটা মূৰতে কোনো ধৰনৰ ৰেলিঙৰ ব্যবস্থা কৰি দিয়া নাই যাৰ ফলতে এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় লোক তথা অঞ্চলবাসীয়ে ক্ষেদ প্ৰকাশ কৰিছে। এই মৃত্যুৰ বাতৰিয়ে সোণকানি, বালিতাৰা তথা নলবাৰী ৰাইজৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।