নলবাৰী বাছ আস্থানৰ আন্তঃগাঁথনি উন্নয়নৰ দাবীত অঃ জাঃ যুঃ ছাঃ পঃৰ নলবাৰী জিলা সমিতিৰ অৱস্থান ধৰ্মঘট

AJYCP-logo

প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ চহিদ মুকুন্দ কাকতিৰ নামত উছৰ্গা কৰা নলবাৰীৰ বাছ আস্থানটোৰ আন্তঃগাঁথি উন্নয়নৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী সমিতিয়ে উক্ত স্থানতে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে নলবাৰী জিলা ঘোষণা হোৱাৰ পিছৰে পৰাই নলবৰীয়া ৰাইজৰ বাছ আস্থানৰ অভাৱ আঁতৰোৱাৰ উদ্দেশ্যে চৰকাৰীভাৱে নিৰ্মাণ কৰা শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ জৰাজীৰ্ণ অৱস্থান স্থানীয় ৰাইজক অতিষ্ঠ কৰি আহিছে।

আনহাতে বাছ আস্থানটোৰ জৰাজীৰ্ণ অৱস্থাই জিলাখনৰ প্ৰতি চৰকাৰৰ উদাসীনতাকে প্ৰমাণ কৰিছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে অভিযোগ উত্থাপন কৰে।

ফলত আজি সংগঠনটোৱে অৱস্থান ধৰ্মঘট কৰিবলৈ বাধ্য হয়। অৱস্থান ধৰ্মঘট কাৰ্যসূচীত চৰকাৰৰ অৱহেলা অমনোযোগিতাত বিধ্বস্ত হৈ পৰা নলবাৰীৰ চহিদ মুকুন্দ কাকতি বাছ আস্থানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অতিশীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় নলবাৰী জিলা মটক শ্ৰমিক ইউনিয়নৰ সভাপতি নুৰ হুছেইনে।

আনহাতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি শ্বহীদ হোৱা মুকুন্দ কাকতিৰ নামত স্থাপন কৰা বাছ আস্থানটিক অত্যাধুনিক, যাত্ৰীৰ বাবে পৰ্যাপ্ত সা-সুবিধাযুক্ত আস্থান ৰূপে গঢ়ি শ্বহীদ মুকুন্দ কাকতিৰ আত্ম বলিদানৰ প্ৰতি শ্ৰদ্ধা জনাই এক আৱক্ষ মূৰ্তি স্থাপনৰো দাবী জনায় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰীয়ে।

উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি মৃনাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা, সাংস্কৃতিক সম্পাদক প্ৰণৱজ্যোতি কলিতাৰ লগতে নলবাৰী জিলা ট্ৰাক শ্ৰমিক সন্থাৰ সভাপতি ক্ষিতীশ হালৈও উপস্থিত থাকে।

ইফালে সংগঠনটোৱে যদি চৰকাৰে উপৰোক্ত দাবী সমূহ পূৰণ কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া অনাগত দিনত ইয়াতকৈ অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি চৰকাৰক সঁকীয়ই দিয়ে।