নাগালেণ্ডত অভূতপূৰ্ণ ৰাজনৈতিক পটপৰিৱৰ্তন : আগন্তুক নিৰ্বাচন বৰ্জন সকলো দলৰে

naga-declaration

নাগা যৌথ ঘোষণাপত্ৰ

দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা অভূতপূৰ্ব ঘটনাৰ নজিৰ সৃষ্টি কৰি আজি নাগালেণ্ডত সকলো ৰাজনৈতিক দলে ৰাজ্যখনত হ’ব লগীয়া আগন্তুক ত্ৰয়োদশ বিধানসভাৰ নিৰ্বাচন বৰ্জন কৰিবলৈ সিদ্ধান্ত কৰিছে। ঘোষিত নিৰ্বাচনত কোনো দলেই নিদিয়ে প্ৰাৰ্থী, নিদিয়ে মনোনয়ন।

আজি নাগালেণ্ডৰ সকলো ৰাজনৈতিক দল (ৰাষ্ট্ৰীয় দলকেইটাকো ধৰি) আৰু শীৰ্ষস্থানীয় নাগা হোহো তথা শীৰ্ষস্থানীয় সমাজ গোট-সংগঠনবোৰৰ বৈঠকত এই অতি গুৰুত্বপূৰ্ণ তথা চিন্তা উদ্ৰেককাৰী সিদ্ধান্তটো লোৱা হয়।

উল্লেখযোগ্য যে ৬০ খন আসন থকা নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰিত পতাৰ কথা ঘোষণা কৰিছিল দেশৰ নিৰ্বাচন আয়োগে আৰু অহা ৩ মাৰ্চত ভোট গণনা হোৱাৰ কথা আছিল।

স্মৰ্তব্য যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত এন এছ চি এন (আই এম)-এ শান্তিৰ ৰাজনৈতিক সমাধানৰ দিশত গৈ থকা নাগাসকলৰ ওপৰত নিৰ্বাচন জাপি দিয়াৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছিল। আনহাতে যোৱা ১৫ ডিচেম্বৰত নাগালেণ্ড বিধানসভাই নিৰ্বাচন পতাৰ পূৰ্বেই নাগা ৰাজনৈতিক সমস্যাৰ সমাধান কৰিব লাগে বুলি এক সিদ্ধান্ত লৈছিল।

আজিৰ বৈঠকৰ শেষত সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে চহী কৰা তথা NE NOW লৈ পঠোৱা সিদ্ধান্তৰ এটা বিবৃতিত এইবুলি কোৱা হৈছে, ‘ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত সকলো ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই solution before election আহ্বানৰ সৈতে ঐক্যবদ্ধভাৱে থিয় দিয়াৰ উপযুক্ত সময় বুলি বিশ্বাস কৰো। আৰু ১৩ সংখ্যক নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন স্থগিত ৰাখি নাগা ৰাজনৈতিক প্ৰক্ৰিয়াটোক ইয়াৰ যথোপযুক্ত মীমাংসাত উপনীত কৰোৱাৰ বাবে আলোচনাত মিলিত গোটবোৰক সময় আৰু বাট মোকলাই দিয়া উচিত বুলি ভাবো।’

এই বিবৃতিৰ সৈতে দিয়া তালিকাত ১১টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে চহী কৰিছে। তাৰ ভিতৰত ৰাজ্যখনত শাসনত থকা এন পি এফ দলো আছে। আনহাতে কেন্দ্ৰত শাসনত থকা বিজেপি তথা কংগ্ৰেছ দলৰ ৰাজ্যিক প্ৰতিনিধিও আছে।

‘আমি তলত স্বাক্ষৰকাৰীসকলে সকলো ৰাজনৈতিক দল তথা নিৰ্বাচনৰ বাবে সাজু হোৱা প্ৰাৰ্থীসকলৰ হৈ ৰাজ্যবাসীৰ আশা-আকাংক্ষাক সন্মান জনাই দলৰ টিকট বিতৰণ নকৰা আৰু মনোনয়ন দাখিল নকৰাৰ সিদ্ধান্ত লৈছো।’

বিবৃতিটোৰ এঠাইত এইদৰে কোৱা হৈছে। বিবৃতিটোত কোৱা মতে এই ঘোষণা শীৰ্ষস্থানীয় নাগা হোহো আৰু civil society organizations ৰ উপস্থিতিত কৰা বুলি দাবী কৰা হৈছে। এই বৈঠকখন ২৯ জানুৱাৰি, ২০১৮ ত ক’হিমাৰ হোটেল জাফুত অনুষ্ঠিত হয় আৰু ঘোষণাটোও তাতে কৰা হয়।

স্বাক্ষৰকাৰী প্ৰতিনিধিসকলে প্ৰতিনিধিত্ব কৰা ১১টা ৰাজনৈতিক দলৰ ভিতৰত আছে কংগ্ৰেছ, বিজেপি, এন পি এফ, য়ু এন ডি পি, এন চি পি, নাগালেণ্ড কংগ্ৰেছ, আপ, এন ডি পি পি, এন পি পি, এল এন জে পি আৰু জে ডি (য়ু)।