নাগালেণ্ডত কোনো বিষয়াই গাড়ীত নিজৰ পদবীযুক্ত ফলক লগাব নোৱাৰিব

Neiphiu-Rio-570x320

নেইফিউ ৰিঅ: ফাইল ফটো

ভি আই পি সংস্কৃতি নোহোৱা কৰাৰ পদক্ষেপ হিচাপে নৱ নিৰ্বাচিত নাগালেণ্ড চৰকাৰে এটা নিৰ্দেশনা দিছে। এই নিৰ্দেশনাত কোৱা হৈছে যে এতিয়াৰ পৰা কোনো চৰকাৰী বিষয়াই তেওঁলোকৰ গাড়ীত নিজৰ পদবীযুক্ত ফলক লগাই ঘূৰিব নোৱাৰিব।

নাগালেণ্ডৰ গৃহ আয়ুক্ত অভিষেক সিঙে কৈছে যে মটৰ ভেহিক’ল এক্ট ১৯৮৮ আৰু চেণ্ট্ৰেল মটৰ ভেহিক’ল এক্ট ১৯৮৯ মতে পঞ্জীয়ন নম্বৰৰ বাদে গাড়ীৰ নম্বৰ প্লেটত আন একোৱে থাকিব নোৱাৰে। যিসকলে এই নিয়ম ভংগ কৰে সেইসকল শাস্তি পোৱাৰ যোগ্য।

নিৰ্দেশনাটোত কোৱা হৈছে এই নিয়ম ভংগকাৰীসকল মটৰ ভেহিক’ল এক্ট ১৯৮৮ৰ অধীনত ১৭৭ ধাৰাত শাস্তিৰ মুখামুখি হ’ব লাগিব।

আনহাতে মন্ত্ৰী আৰু বিধায়কসকলৰ অসুবিধা নহ’বৰ বাবে নিৰ্দেশনাটোত কোৱা হৈছে যে ৰাজ্যখনৰ ভিতৰত ঘূৰা-ফিৰাৰ সুবিধা কৰিবৰ বাবে তেওঁলোকৰ গাড়ীত উপযুক্ত ৰঙৰ কাৰ ষ্টিকাৰ লগোৱা হ’ব।

উল্লেখযোগ্য যে নৱ গঠিত নেইফিঅ’ ৰিঅ’ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতো এই সিদ্ধান্ত লোৱা হৈছিল যে ভি আই পি সংস্কৃতি নোহোৱা কৰা হ’ব আৰু মন্ত্ৰী, বিধায় বা চৰকাৰী বিষয়াসকলে গাড়ীত নামফলক, পদবী লগোৱা ব্যৱস্থা উঠাই দিয়া হ’ব। তাৰ পৰিৱৰ্তে বিশেষকৈ মন্ত্ৰী-বিধায়কসকলৰ সুবিধাৰ্থে বাবে ৰঙীন কাৰ পাছ দিয়া হ’ব।

কেবিনেট বৈঠকে লগতে ৰাজ্যপাল, মুখ্য মন্ত্ৰী, উপ মুখ্য মন্ত্ৰী, অধ্যক্ষ আৰু উপাধ্যক্ষৰ বাদে আনসকলো বিষয়াকে পাইলট আৰু নিৰাপত্তা এছক’ৰ্ট ব্যৱহাৰত বাধা নিষেধ আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰাজ্যখনৰ ৰাজধানী আৰু ডিমাপুৰত যাতে মন্ত্ৰী-বিষয়াসকলে নিৰাপত্তাৰক্ষী নোলোৱাকৈ ঘূৰা-ফিৰা কৰিব পাৰে, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা উন্নত কৰাৰো সিদ্ধান্ত লোৱা হয়।

আনহাতে সুপ্ৰশাসন আৰু নিকা প্ৰশাসনৰ বাবে সকলো বিভাগকে তেওঁলোকৰ কৰ্মচাৰী, হিতাধিকাৰী, পেন্সনাৰ আদিৰ তথ্যক আধাৰকাৰ্ডৰ সৈতে ১০০ দিনৰ ভিতৰত সংযোগ কৰিবলৈ সময়সীমা বান্ধি দিয়ে। নাগালেণ্ডৰ বাহিৰত পঢ়ি থকা ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি ল’ব পৰাকৈ এখন বীমা আঁচনিও অহা ১০০ দিনৰ ভিতৰত মুকলি কৰাৰ সিদ্ধান্ত লয় বৈঠকে।

মন কৰিব লগীয়া যে প্ৰায়বোৰ নৱ গঠিত চৰকাৰেই চমক দিয়াৰ উৎসাহত এনে ধৰণৰ ভি আই পি সংস্কৃতিৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত ঘোষণা কৰে যদিও মূৰকত গৈ একো হৈ নুঠেগৈ। দুবছৰৰ পূৰ্বে অসমৰ সোণোৱাল চৰকাৰেও ক্ষমতালৈ আহিয়ে অনুৰূপ কিছুমান ঘোষণা কৰিছিল যদিও পুনৰ গতানুগতিকতালৈ ঘূৰি যোৱা দেখা গ’ল। আনকি প্ৰথম অৱস্থাত ৰে’লগাড়ীত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ভ্ৰমণ কৰি চমক দিয়া সোণোৱালে পিছত ব্যক্তিগত ভ্ৰমণতো হেলিকপ্তাৰ ব্যৱহাৰ কৰা হ’ল।