নাগালেণ্ডত চলি থকা পে’ট্রল পাম্পবিলাকৰ অনিৰ্দিষ্টকালীন বন্ধ প্ৰত্যাহাৰ : অপহৃতৰ নিৰাপদ মুক্তি দাবী

Petrol

নাগালেণ্ডত পে’ট্রল পাম্পবিলাকে গ্ৰহণ কৰা অনিৰ্দিষ্টকালীন বন্ধ আজি প্ৰত্যাহাৰ কৰা হৈছে। ফলত উপভোক্তাই সন্মুখীন হৈ থকা অসুবিধাৰ অন্ত পৰিছে।

উল্লেখযোগ্য যে ২২ এপ্ৰিলত টুৱেনচাং জিলাৰ নতুন হেলিপঙৰ পৰা অপহৃত এখন তেলৰ টেংকাৰৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক মুকলি কৰি দিয়াৰ বাবে ধাৰ্য্য কৰি দিয়া চৰমসীমা উকলি যোৱা বাবে ৩০ এপ্ৰিলত এই বন্ধৰ আহ্বান জনোৱা হৈছিল। অপহৰণকাৰী আৰু কৰ্তৃপক্ষ উভয়ে অপহৃতকেইজনৰ তথ্য দিয়াত আৰু নিৰাপদ মুক্তি নিশ্চিত কৰাত ব্যৰ্থ হৈছিল।

ইয়াৰ প্ৰতিবাদত কহিমা পেট্ৰলিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যন, ডিমাপুৰ পেট্ৰলিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যন, নাগালেণ্ড টেংকাৰ ট্ৰেন্সপ’ৰ্ট এছ’চিয়েশ্যন আৰু অইল টেংকাৰ ড্ৰাইভাৰ য়ুনিয়ন- এই চাৰিটা সংগঠনে পেট্ৰেলপাম্পবোৰ বন্ধৰ আহ্বান জনাইছিল। আজি উক্ত সংগঠনকেইটাই নাগালেণ্ডৰ আয়ুক্ত ছেণ্টিয়াংগাৰ সৈতে তেওঁৰ কাৰ্য্যালয়ত হোৱা বৈঠকত বন্ধটো উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ বাবে সহমতত উপনীত হোৱা বুলি চহী কৰাৰ লগতে তেওঁলোকে বৃহত্তৰ ৰাজহুৱা স্বাৰ্থত পেট্ৰল পাম্পবোৰ খোলাৰ বাবে সন্মত হয়।

উল্লেখযোগ্য যে পেট্ৰেলপাম্পবোৰ বন্ধ ৰখাৰ ফলত শ শ গাড়ী তেলৰ বাবে ডিমাপুৰৰ পৰা দাঁতিকাষৰীয়া অসমৰ অঞ্চললৈ ঢাপলি মেলিছিল।

আনহাতে পেট্ৰল পাম্পবোৰ বন্ধ ৰখাৰ সিদ্ধান্ত প্ৰত্যাহৰ কৰিলেও বহুকেইটা সংগঠনে অপহৃত ড্ৰাইভাৰ আৰু হেণ্ডিমেন ক্ৰমে তুলাৰাম বুঢ়াগোহাঁই আৰু আডমান চুৰিনৰ নিৰাপদ মুক্তিৰ দাবী কৰিছে।

পলিটিকেল এফেয়াৰ্ছ কমিটি (PAC) অব নাগালেণ্ডে সোমবাৰে মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ত মিলিত হৈ অপহৃত নিৰীহ লোক দুজনক মানৱতাৰ খাতিৰত মুকলি কৰি দিবলৈ অপহৰণকাৰীসকলক আহ্বান জনাবলৈ সৰ্বসন্মতভাৱে সিদ্ধান্ত লয়। আনহাতে মুখ্য সচিব আৰু PAC ৰ সদস্য টেমজেন টয়ে কয় যে চৰকাৰী ব্যৱস্থাটোৱে অপহৃতকেইজনৰ নিৰাপদ প্ৰত্যাৱৰ্তনৰ বাবে সম্ভাব্য সকলো প্ৰচেষ্টা চলাই আছে।