নাগালেণ্ডত চৰকাৰ গঠনৰ বাবে আত্মবিশ্বাসী এনডিপিপি-বিজেপি মিত্ৰজোঁট

NDPP-BJP-570x320

নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি-ভাৰতীয় জনতা পাৰ্টি (এনডিপিপি-বিজেপি) মিত্ৰজোঁটে নাগালেণ্ডত নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰি ৰাজ্যখনত এখন সুস্থিৰ চৰকাৰ গঠন কৰিব বুলি আত্ম বিশ্বাসী হৈ আছে।

এনডিপিপি আৰু বিজেপিয়ে বৃহস্পতিবাৰে যুটীয়াভাৱে জাৰি কৰা এক বিবৃতিত প্ৰকাশ কৰিছে যে  নিৰ্বাচনোত্তৰ পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে মিত্ৰজোঁটৰ সহযোগীসকলৰ এখন যুটীয়া বৈঠক কোহিমাত আহ্বান কৰা হৈছে।

বৈঠকখনত ৰাজ্যত এখন সুস্থিৰ চৰকাৰ আগবঢ়োৱাৰ বাবে নতুন চৰকাৰখন গঠন সম্পৰ্কীয় দিশবোৰ বিশদভাৱে আলোচনা কৰা হ’ব। যোৱা ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ আগেয়ে নাগালেণ্ডত এলানি ৰাজনৈতিক নাটক প্ৰত্যক্ষ কৰা গৈছিল।

এনডিপিপি-বিজেপি মিত্ৰজোঁটে লগতে ৰাজ্যখনৰ ভোটদাতাসকলক নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি গণতন্ত্ৰৰ প্ৰতি আস্থাপ্ৰদৰ্শন কৰাৰ বাবে আদৰণি জনাইছে।

মিত্ৰজোঁটে লগতে গীৰ্জাৰ নেতাসকল, বেচৰকাৰী সংস্থাসমূহ আৰু নাগৰিক সমাজৰ নেতাসকলক ৰাজ্যখনত ৰাজনৈতিক স্থিৰতা ঘুৰাই অনাৰ বাবে ইতিবাচকভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াটোত ৰাইজক অংশগ্ৰহণৰ ক্ষেত্ৰত পতিয়ন নিওৱাৰ বাবে লোৱা সক্ৰিয় ভূমিকাৰো শলাগ লয়।

এনডিপিপি-বিজেপি মিত্ৰজোঁটে লগতে ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন বিভাগক শান্তিপূৰ্ণবাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আদৰণি জনায়।

আনহাতে, মিত্ৰজোঁটৰ সহযোগীসকলে লগতে নিৰ্বাচনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ নিন্দা কৰি আইন বলবৎকাৰী সংস্থাসমূহক হিংসাত আক্ৰান্ত সকলক ন্যায় প্ৰদান নিশ্চিত কৰিবলৈ আহ্বান জনায়।