নাগালেণ্ডত দলৰ হৈ নীতিশ কুমাৰে প্ৰচাৰ চলোৱাৰ সম্ভাৱনা

nitish

তিনিখনকৈ ৰাজ্যৰ নিৰ্বাচন আহি থকা উত্তৰ-পূবত বিভিন্ন ৰাষ্ট্ৰীয়, আঞ্চলিক দলৰ নেতাৰ ভিৰ দেখা পোৱা গৈছে। অহা ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত নাগালেণ্ড আৰু মেঘালয়ত এই ভিৰ অধিক দেখা পোৱাৰ সম্ভাৱনা আছে। মেঘালয়ত ইতিমধ্যে কেইবাজনো ৰাষ্ট্ৰীয় নেতাই ভ্ৰমণ কৰি গৈছে। ইয়াৰ বিপৰীতে অলপ দিনৰ আগলৈকে নিৰ্বাচন অনুষ্ঠিত হোৱা-নোহোৱাৰ অনিশ্চয়তাত থকা নাগালেণ্ডত কিছু বিলম্বিত উপস্থিতি চকুত পৰে।

কিন্তু এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে খুব সোনকালেই ৰাজ্যখন ভ্ৰমণ কৰিব ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কেইবাজনো উল্লেখযোগ্য নেতাই। সূত্ৰটোৱে কোৱা মতে জনতা দল (য়ুনাইটেড)ৰ হৈ প্ৰচাৰ চলাবলৈ বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰ ৰাজ্যখনলৈ অহাৰ সম্ভাৱনা আছে। নীতিশ কুমাৰৰ বাদেও দলটোৰ আন ভালেকেইজন উল্লেখযোগ্য নেতাই ৰাজ্যখনত অলপতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা। ইয়াৰ মাজত আছে সাংসদ আৰ চি পি সিং, দলটোৰ সাধাৰণ সম্পাদক কে চি ত্যাগী, দলটোৰ প্ৰাক্তন সাংসদ ৰাজীৱ ৰঞ্জন সিং, বিহাৰ চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী আফাক আহমেদ খান, সঞ্জয় ঝা, অজয় আলোক, সঞ্জয় বাৰ্মা আদি।

উল্লেখযোগ্য যে দলটোৱে ৰাজ্যখনত আগন্তুক নিৰ্বাচনৰ বাবে ১৫ প্ৰাৰ্থী থিয় কৰাইছে।

আনহাতে দলটোৰ নাগালেণ্ড ৰাজ্যিক গোটে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰৰ যোগেদি এই কথা প্ৰকাশ কৰিছে যে ই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক পিতৃ স্বৰূপ নেতা জয়প্ৰকাশ নাৰায়ণৰ পদাংক অনুকৰণ কৰাৰ লগতে নাগা ৰাজনৈতিক সমস্যাৰ সন্মানীয় সমাধানৰ বাবে কৰা প্ৰয়াসৰ জৰিয়তে নাগাসকলৰ প্ৰতি তেওঁৰ ভালপোৱাক সন্মান জনাব।

ইয়াৰ লগতে ইস্তাহাৰত বিতৰ্কিত আফছপা (AFSPA) ৰাজ্যখনৰ পৰা প্ৰত্যাহাৰ কৰাটো গুৰুত্ব দিয়াৰ কথা কোৱা হৈছে। দলটোৰ ৰাজ্যিক সভাপতি ছেনচুমো লোথাই কয় যে জে ডি (য়ু)য়ে নিৰ্বাচনত ‘ন্যায়ৰ সৈতে বিকাশ’ মূল বক্তব্যৰ সৈতে অৱতীৰ্ণ হ’ব। সভাপতিজনে লগতে কয় যে দলটোৱে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আঁৰত আছে ৰাজ্যখনত এটা সুকীয়া ধৰণ-কৰণৰ দলৰ স্থিতি প্ৰকাশ কৰা। দলটোৱে পৰিস্থিতি চাই নিৰ্বাচনোত্তৰ মিত্ৰতা কৰিব পাৰে বুলিও তেওঁ কয়