নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত শান্তিপূৰ্ণ সহযোগ বিচাৰিলে ৰাজ্যপাল পি বি আচাৰ্য্যই

Nagaland Governor

নিৰ্বাচন সমাগত নাগালেণ্ডত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাটো নিৰ্বাচন আয়োগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব পাৰে। নাগালিম বিষয়টো ইয়াৰ কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি। এই শংকা কেৱল ৰাজনৈতিক বিশ্লেষকৰে নহয়, নিৰ্বাচন আয়োগ তথা সংশ্লিষ্ট কৰ্তৃপক্ষবোৰৰ মাজতো দেখা গৈছে।

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যই নাগা ৰাজনৈতিক দল আৰু নাগালেণ্ডবাসীক নিৰ্বাচনী প্ৰচাৰৰ সময়ত শান্তিপূৰ্ণ সহযোগিতা আগ বঢ়াবলৈ জনোৱা আহ্বানৰ মাজতো এনে শংকাৰ প্ৰতিফলন দেখা গৈছে।

কালি ক’হিমাৰ নাগালেণ্ড ছেক্ৰেটেৰিয়েট প্লাজাত ৬৯ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিতসকলক সম্বোধন কৰি ৰাজ্যপালজনে কয় যে সকলোৱে নিৰ্বাচনী প্ৰচাৰৰ সময়ত শান্তি, শৃংখলা আৰু মৰ্য্যাদা বৰ্তাই ৰাখিব লাগে।

ৰাজ্যপালজনে নাগালেণ্ডৰ গীৰ্জাসমূহ, স্বেচ্ছাসেৱী সংস্থাসমূহ আৰু সমাজগোটবোৰে নিকা নিৰ্বাচনৰ বাবে অভিযান চলোৱাটোত সন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ নিজৰ বক্তব্যত নাগালেণ্ডক এখন যৌৱনা ৰাজ্য বুলি অভিহিত কৰি কয় যে ৰাজ্যখনৰ ৬০% লোক ২৫ বছৰ বয়সৰ তলৰ আৰু এনে এখন ৰাজ্য গোটেই দেশৰ বাবেই গৌৰৱ। তেওঁ নিজৰ বক্তব্যৰ মাজেৰে নাগা ৰাজনৈতিক সমস্যাৰ সমাধানৰো ইংগিত দিয়ে।

যোৱা বছৰবোৰত, নাগা ৰাষ্ট্ৰীয় ৰাজনৈতিক গোট (এন এন পি জি), গীৰ্জা, সামাজিক গোটবোৰ আৰু বেচৰকাৰী সংস্থাবোৰে নাগা ৰাজনৈতিক সংকট দূৰ কৰাৰ বাবে কৰা অহোপুৰুষাৰ্থৰ কথাও তেওঁ স্বীকাৰ কৰে।

তেওঁ ড০ টি আওৰ আদৰ্শৰ দ্বাৰা সকলোৱেই অনুপ্ৰাণিত হোৱাৰ কথাও কয়। উল্লেখযোগ্য যে ড০ টি আওৰ তেতিয়াৰ অসমৰ নাগাপাহাৰ জিলাত জন্ম হৈছিল আৰু তেওঁ এজন সুদক্ষ ফুটবলাৰ হোৱাৰ লগতে চিকিৎসকো আছিল। তেওঁ স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলটোৰ প্ৰথমজন অধিনায়ক আছিল। কাইলৈ তেওঁৰ জন্মদিন। ৰাজ্যখনত তেওঁৰ জন্মদিন গৌৰৱেৰে পালন কৰা হয়।

আনহাতে নাগা ৰেজিমেণ্টৰ বিষয়া আৰু জোৱানসকলৰ সাহস আৰু দৃঢ়তা তথা কাৰ্গিল যুদ্ধৰ সময়ত এই ৰেজিমেণ্টটোৰ ভূমিকাৰো ৰাজ্যপালজনে শলাগ লয়।

তেওঁ ৰাজ্যখনক বাকী অংশৰ সৈতে সমানে আগুৱাই নিয়াৰ বাবে পথ, ৰে’ল আৰু বিমান সেৱা উন্নত কৰাৰ কথা কয়।