নাগালেণ্ডত নিৰ্বাচনৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰাৰ আহ্বান জনালে ACAUT-এ

নিৰ্বাচন অভিমুখী নাগালেণ্ডত নিৰ্বাচনৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই দুৰ্নীতি আৰু অত্যধিক কৰৰ বোজাৰ বিৰুদ্ধে মাত মাতি অহা নাগাসকলৰ উমৈহতীয়া মঞ্চ ACAUT-এ নাগালেণ্ডৰ ৰাজ্যপালৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। ACAUT-ৰ সভাপতি তথা মুখপাত্ৰই চহী কৰা স্মাৰকপত্ৰখনত ভাৰত-নাগা ৰাজনৈতিক সংকটটোৰ আশু সমাধানৰ স্বাৰ্থতে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন আৰোপ কৰা দৰকাৰ বুলি কোৱা হৈছে।

স্মাৰকপত্ৰখনত নাগা শান্তি প্ৰক্ৰিয়াটোত লোৱা ইতিবাচক তথা নিৰ্ণায়ক ভূমিকাৰ বাবে মোদীক প্ৰশংসা কৰাৰ লগতে ইয়াক চূড়ান্ত ৰূপ দিয়াত তেওঁৰ পৰা অধিক কাৰ্য্যকৰী পদক্ষেপ কামনা কৰা হৈছে। স্মাৰকপত্ৰখনত ACAUT-এ ৰাজ্যখনত আগন্তুক সূচীমতে নিৰ্বাচন অনুষ্ঠিত হ’লে বহু প্ৰতীক্ষিত নাগা শান্তি সুদূৰ পৰাহত হৈ পৰিব বুলি নিজৰ শংকা প্ৰকাশ কৰে। সাত দশকজোৰা নাগা সমস্যাৰ সমাধান নিচেই দুৱাৰডলিত থকা অৱস্থাত বিধিগতভাৱে এখন চৰকাৰ নিৰ্বাচিত হ’লে প্ৰক্ৰিয়াটোক পিছলৈ ঠেলি দিব। লগতে নতুনকৈ নিৰ্বাচিত বিধায়কসকলক পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত পদত্যাগ কৰিবলৈ বাধ্য কৰোৱাটোও অসম্ভৱ হ’ব, যিটো নাগা শান্তি প্ৰক্ৰিয়াটো ৰূপায়ণ কৰাৰ বাবে প্ৰয়োজন হ’ব।

এই পৃষ্ঠভূমিত যদি নিৰ্বাচন আয়োগক ৰাজ্যখনত নিৰ্বাচন ঘোষণা কৰিবলৈ দিয়া হয়, ৰাজ্যখনৰ পৰা শান্তিয়ে বিদায় ল’ব। এইদৰে কোৱা হয় স্মাৰকপত্ৰখনত।

ACAUT-এ ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী আৰু এন এছ চি এন তথা এন এন পি জিৰ মাজত চলি থকা শান্তি প্ৰক্ৰিয়াটো শেষ ঢাপত উপনীত হোৱাৰ পথত থকা বাধাবোৰ আঁতৰাবলৈ মোদীক আহ্বান জনায়।

স্মাৰকপত্ৰখনত এইটো কোৱা হয় যে শান্তি আলোচনাই ২১ বছৰত ভৰি দিলে আৰু দশক দশকজোৰা হোঁহকাপিচলাই নাগা সমাজক বহু ক্ষতি কৰিছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ নাগা লোক।

যিহেতু বৰ্তমান বিধান সভাৰ কাৰ্য্যকাল অহা মাৰ্চত শেষ হ’বলৈ ওলাইছে গতিকে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা উচিত হ’ব। ৰাষ্ট্ৰপতি শাসনৰ কালছোৱাতে নাগা শান্তি প্ৰক্ৰিয়া ৰূপায়ণ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ বাবে অধিক সুচল হ’ব।