নাগালেণ্ডত বিজেপিয়ে ৩ ৰ পৰা ৬খন আসনহে পাব : এন পি এফ

নাগালেণ্ডৰ শাসনাধিষ্ঠিত দল নাগা পীপলছ ফ্ৰণ্ট (এন পি এফ)এ তেওঁলোকৰ সদ্য পুৰণি মিত্ৰ দল বিজেপিক কটাক্ষ কৰি আজি কয় যে দলটো ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনত মাত্ৰ ৩ৰ পৰা ৬খন আসনহে পাবলৈ সক্ষম হ’ব। আনহাতে বিজেপিৰ সৈতে প্ৰাক-নিৰ্বাচনী মিত্ৰতাত উপনীত হোৱা নৱগটিত এন ডি পি পিয়ে সৰ্বাধিক ৮খন আসন পাব বুলিও এক পূৰ্বানুমান দাঙি ধৰে দলটোৱে।

উল্লেখযোগ্য যে অহা ২৭ ফেব্ৰুৱাৰিত ত্ৰয়োদশ বিধানসভাৰ নিৰ্বাচন হ’ব লগীয়া ৰাজ্যখনত শাসনাধিষ্ঠিত এন পি এফ সৌ সিদিনালৈকে বিজেপিৰ মিত্ৰ দল হৈ আছিল। দলটোৱে অহা নিৰ্বাচনতো বিজেপিৰ সৈতে মিত্ৰতাৰ গুণাগঁথা কৰি থাকোতেই ৰাষ্ট্ৰীয় দলটোৱে ৰাজ্যখনৰ নৱগঠিত দল এন ডি পি পিৰ সৈতে মিত্ৰতাত উপনীত হয়।

আজি ফেক জিলাৰ জুলহা গাৱঁত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এন পি এফ দলটোৰ নেতা তথা নাগালেণ্ডৰ গৃহ মন্ত্ৰী কুঝোলুজো নেইনুৱে বিজেপি আৰু এন ডি পি পিৰ আসন সম্পৰ্কীয় এই পূৰ্বানুমান দাঙি ধৰে।

‘বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ১৯ জন প্ৰাৰ্থীৰ ভিতৰত ৩ ৰ পৰা ৬ জন জিকাৰ সম্ভাৱনা থকাৰ বিপৰীতে নৱগঠিত এন ডি পি পিৰ ৩৯ জনৰ ভিতৰত সৰ্বাধিক ৮জন জিকাৰ সম্ভাৱনা আছে।’ নেইনুৱে কয়।

তেওঁ এন পি এফ পুনৰ ক্ষমতালৈ আহিব বুলিও নিজৰ আত্মবিশ্বাস প্ৰকাশ কৰে উপস্থিত ৰাইজৰ সন্মুখত। ৬০ খন বিধানসভাৰ আসনৰ ভিতৰত ৩০খনতকৈ বেছি আসন দলটোৱে পাব বুলি কয়। তেওঁ কয় যে এন পি এফেই পৰৱৰ্তী চৰকাৰখন গঠন কৰিব। তেওঁ নিজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ দাঙি ধৰি কয় যে চৰকাৰত সংস্কাৰ অনাটো হ’ব তেওঁৰ দলৰ আটাইতকৈ বেছি গুৰুত্ব পাব পৰা বিষয়।

এই সম্পৰ্কত তেওঁ কয় যে পৰৱৰ্তী চৰকাৰত কোনো সংসদীয় সচিবৰ পদ আৰু উপদেষ্টাৰ নাথাকিব। দুৰ্নীতিৰ পৰা চৰকাৰখন মুক্ত থাকিব বুলিও তেওঁ দাবী কৰে। সকলো ধৰণৰ গুৰুতৰ অপৰাধৰ গোচৰ চি বি আইক দিয়া হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীজনে।

আনহাতে দলটো শাসনলৈ আহিলে নাগা ৰাজনৈতিক সংকটৰ সমাধানৰ বাবে ই যৎপৰোনাস্তি চেষ্টা কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

ইয়াৰ উপৰি তেওঁ নাগা পৰিচয়ৰ সুৰক্ষা, অবৈধ অনুপ্ৰৱেশকাৰীৰ শংকা নোহোৱা কৰা, যুৱ শক্তিৰ দক্ষতা বৃদ্ধি কৰা, গুণগত শিক্ষাৰ ব্যৱস্থা কৰা আৰু স্বাস্থ্যখণ্ডৰ বিকাশ কৰাৰ লগতে কৃষি আৰু কৃষি সম্পৰ্কীয় খণ্ডবোৰৰ উন্নতি সধা তেওঁৰ দলৰ মুখ্য লক্ষ্য হ’ব বুলি নিৰ্বাচনী ভাষণত জানিবলৈ দিয়ে।

আনহাতে আজি ৰাজ্যখনত মনোনয়ন প্ৰত্যাহৰৰ প্ৰথম দিনটোতে ৭জন প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰ ভিতৰত ৬জন নিৰ্দলীয় হোৱাৰ বিপৰীতে কংগ্ৰেছৰ ড০ আইমং লামে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। তেওঁ নোকলাক বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগ বঢ়াইছিল।