NORTHEAST NOW (Assamese)

নাগালেণ্ডত ষ্টাৰ চিমেণ্টৰ ব্যৱসায় বন্ধ কৰি দিলে এন এছ চি এন (আই এম)-এ

June 12, 2018 10:32 pm · এন ই নাও নিউজ

ঘাইকৈ উত্তৰ-পূবক কেন্দ্ৰ কৰি চিমেণ্টৰ বৃহৎ ব্যৱসায় চলাই থকা ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)। ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাত থকা বিদ্ৰোহী সংগঠনটোৱে আজি এটা প্ৰেছ বিজ্ঞপ্তি যোগে ৰাজ্যখনত ষ্টাৰ চিমেণ্টৰ বিক্ৰী বন্ধ কৰা বুলি ঘোষণা কৰিছে।

বিজ্ঞপ্তিটোত কোম্পানিটোৰ ৰাজ্যখনৰ সকলো বিতৰকক আৰু যোগানকাৰীক বিক্ৰী আৰু যোগান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু লগতে তেওঁলোকৰ এই সিদ্ধান্তৰ সৈতে যোগানকাৰী, বিতৰকসকলক সহযোগ আগ বঢ়াবলৈ আহ্বান জনাইছে।

“সংশ্লিষ্ট সকলো বিতৰক আৰু যোগানকাৰীক ইয়াৰ দ্বাৰা সহযোগিতা আগ বঢ়াবলৈ আৰু লগতে ষ্টাৰ চিমেণ্টৰ সকলো ধৰণৰ বাণিজ্যিক কামকাজ নাগালেণ্ড ৰাজ্যত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।” বিবৃতিটোত এইদৰে কোৱা হয়।

সংগঠনটোৱে এই সিদ্ধান্তৰ আঁৰত ষ্টাৰ চিমেণ্টৰ মেনেজমেণ্ট আৰু বিদ্ৰোহী সংগঠনটোৰ চৰকাৰৰ মাজত সৃষ্টি হোৱা এৰাব নোৱৰা পৰিস্থিতিক আঙুলিওৱা হৈছে।

উল্লেখযোগ্য যে ষ্টাৰ চিমেণ্টৰ এটা বৃহৎ কাৰখানা গুৱাহাটীৰ দাঁতি কাষৰীয়া সোণাপুৰত অৱস্থিত। কোম্পানিটোৱে ঘাইকৈ মেঘালয়ৰ পৰা চূণশিল আহৰণ কৰি চিমেণ্ট উৎপাদন কৰে।

Related News