নাগালেণ্ডত সংসদীয় সচিব নিযুক্তি নিদিয়ে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই

N-Rio.jpg

চতুৰ্থটো কাৰ্যকালৰ বাবে বৃহস্পতিবাৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা নেইফিউ ৰিঅ’ই তেওঁৰ প্ৰথমখন কেবিনেট বৈঠকতে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই অনুসৰি নৱগঠিত ৰিঅ’ নেতৃত্বাধীন নাগালেণ্ড বিধানসভাত সংসদীয় সচিব পদত কোনো জনপ্ৰতিনিধিক নিযুক্তি দিয়া নহয়।

উল্লেখ্য যে বৃহস্পতিবাৰে কহিমাত অনুষ্ঠিত কেবিনেটৰ প্ৰথমখন বৈঠকত অংশ্ৰগ্ৰহণ কৰি নেইফিউ ৰিঅ’ই কয় যে বিজেপি বিধায়ক এম কিকনে নৱ গঠিত নাগালেণ্ড বিধানসভাৰ পৰৱৰ্তী প্ৰটেম অধ্যক্ষ হিচাপে কাম কৰিব।

আনহাতে ঐতিহাসিক নাগা শান্তি চুক্তি আগুৱাই নিয়াৰ বাবে এই নতুন চৰকাৰে ইতিবাচক মনোভাবেৰে অৱতীৰ্ণ হোৱাৰ লগতে এই সন্দৰ্ভত মিত্ৰদল বিজেপিৰে আলোচনা কৰি আগবাঢ়িব বুলি প্ৰকাশ কৰে ৰিঅ’ই। তেওঁ লগতে এইক্ষেত্ৰত সকলো দল-সংগঠনক একেখন মঞ্চলৈ আনি শান্তিৰ বাবে কাম কৰি যাবলৈ তেওঁৰ চৰকাৰখন দায়বদ্ধ বুলি দোহাৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ৰিঅ’ই একেটা প্ৰসংগতে সংশ্লিষ্ট সকলোকে নাগা সমস্যাটোৰ এটা সন্মানজনক সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

আনহাতে শান্তি চুক্তিৰ বিষয়টোক আগুৱাই নিয়াৰ স্বাৰ্থতে এখন ৰাজনৈতিক পৰিক্ৰমা সমিতি গঠন কৰা হ’ব বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰে নেইফিউ ৰিঅ’ই।বিজেপিৰ সৈতে মিত্ৰতা কৰি সদ্য সমাপ্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ সূত্ৰে এনডিপিপিৰ নেতা নেইফিউ ৰিঅ’ই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।