নাগালেণ্ডে পাব প্ৰধান মন্ত্ৰী পথ উন্নয়ন পুঁজিৰ বৃহৎ অংশ : জেলিয়াং

টি আৰ জেলিয়াং। ফাইল ফটো।

নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে আজি কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ পথ উন্নয়নৰ বাবে অলপতে অনুমোদন জনোৱা ৯০ হাজাৰ কোটিৰ এটা বৃহৎ অংশ নাগালেণ্ডে পাব। ‘এইটো যোৱা ৫৪ বছৰৰ ভিতৰতে প্ৰথম।’ এইদৰে কয় জেলিয়াঙে।

‘উন্নয়নৰ বাবে সহযোগিতামূলক পৰিৱেশ সৃষ্টিত আমি আগ্ৰহী হ’ব লাগে আৰু জনসাধাৰণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ বিষয়ত আমি নেতিবাচক মানসিকতা ত্যাগ কৰা উচিত।’ জালুকী এ ডি চি হেডকোৱাৰ্টিৰ উদ্বোধনী অনুষ্ঠানত ভাগ লৈ জেলিয়াঙে এইদৰে কয়। তেওঁ লগতে যোগ দিয়ে যে সমূহীয়া প্ৰচেষ্টাই সদায় অধিক লাভ দিয়ে।

তেওঁ চৰকাৰৰ সৈতে জনসাধাৰণে সহযোগিতা কৰা উচিত বুলি কৈ লগতে মাটিৰ মালিকসকলক কোনো ধৰণৰ বাধা-নিষেধ নকৰাকৈ তেওঁলোকৰ মাটিৰ ওপৰেদি পথ নিৰ্মাণৰ কাম কৰিবলৈ অনুমতি দিবলৈ আহ্বান জনায়। ইয়াৰ লগতে জেলিয়াঙে উপস্থিতসকলক প্ৰযুক্তিৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনায় আৰু প্ৰযুক্তিক যদি আমাৰ হিতৰ বাবে সঠিক পথেৰে কামত নলগাওঁ তেন্তে ই আমাৰ বাবে ক্ষতিকৰ হৈ উঠিব বুলি কয়। তেওঁ চৰকাৰে প্ৰৱৰ্তন কৰা ই-নিবিদা আৰু গ্ল’বেল নিবিদা (global tendering)ৰ কথাও টানি আনে। তেওঁ কয় যে মন জিলাৰ টিজিতৰ পৰা পেৰেন জিলাৰ খেলমা আৰু অৰুণাচল প্ৰদেশৰ অৰুণাচল ট্ৰাংক ৰ’ড গ্ল’বেল টেনণ্ডাৰিং প্ৰণালীত পৰে। তেওঁ নিৰ্বাচনৰ বিষয়ত কয় যে নিৰ্বাচন প্ৰকৃতাৰ্থতে নিকা হ’ব লাগে আৰু এক পক্ষীয় কাম এৰাই চলিব লাগে।

ইতিমধ্য মুখ্য মন্ত্ৰীজনে নিউ এণ্ড ৰিনিৱেবল এনাৰ্জিৰ অধীনৰ ২x৭৫ কিলোৱাট ক্ষমতাৰ নৈৰল ষ্টেইজ-২ নামৰ বহুমুখী জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ আনুষ্ঠানিকভাৱে সূচনা কৰে। কাৰ্য্যসূচীটোত উপস্থিত সকলক সম্বুধি জেলিয়াঙে কয় যে এই প্ৰকল্পটোৰ উৎপাদন হ’লে অঞ্চলটোলৈ বিদ্যৎ যোগান উন্নত হ’ব। তেওঁ গাওঁবাসীক ইয়াৰ সৈতে সহযোগিতা কৰিবলৈ আৰু সমাজৰ কল্যাণত ইয়াক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ প্ৰকল্পটোৰ বাবে মাটি দিয়াৰ কাৰণে পাংগলৱা গাৱঁৰ লোকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।