নাগালেণ্ডৰ উপ-নিৰ্বাচনৰ ৩০৯টা ভোট কেন্দ্ৰৰ বাবে ভোটগ্ৰহণৰ সময় সালসলনি

Nagaland_Bypoll

অহা ২৮ মে’ত নাগালেণ্ডৰ একমাত্ৰ লোকসভা আসনখনৰ বাবে হ’ব লগীয়া উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময় ৯খন জিলাৰ ৩০৯টা ভোট কেন্দ্ৰৰ বাবে সালসলনি কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ এটা সূত্ৰই এই কথা জানিবলৈ দিছে। সূত্ৰটোৰ মতে, ৰাজ্যখনৰ পেৰেন জিলাৰ ২২টা, ফেক জিলাৰ ১৩টা, মোককচাং জিলাৰ ৪০টা, জুনহেব’ট’ৰ টা, ওখা জিলাৰ ৭৮টা, মন জিলাৰ ৯৩টা, লংলেং জিলাৰ ১৩টা, টুৱেনচাং জিলাৰ ২৩টা আৰু কিফিৰ জিলাৰ ২৪টা ভোটকেন্দ্ৰৰ ভোটগ্ৰহণৰ সময় পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ কৰা হৈছে। ইয়াৰ পূৰ্বে এইবোৰত ভোটগ্ৰহণৰ সময় পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ধাৰ্য্য কৰা হৈছিল। আন সকলো ভোটকেন্দ্ৰৰ ভোটগ্ৰহণৰ সময় অপৰিৱৰ্তিত থাকিব।

নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱামতে, ৰাজ্যখনৰ ৬০টা বিধানসভা সমষ্টিৰ মুঠ ২১৯৪টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ সম্পাদন হ’ব।

নিৰ্বাচন আয়োগে এই ভোটকেন্দ্ৰবোৰলৈ ভোটগ্ৰহণত জড়িত দল আৰু বিষয়া-কৰ্মচাৰীসকলক দুদিন পূৰ্বেই যাত্ৰা কৰিবলৈ নিৰ্দেশ দিছে।

আজি জাৰি কৰা এখন জাননীৰ দ্বাৰা নাগালেণ্ডৰ আয়ুক্ত আৰু উপ-নিৰ্বাচনটোৰ নিৰ্বাচনী বিষয়া মতছুথাং পেটনে এই কথা নিৰ্বাচনত অৱতীৰ্ণ হোৱা দল দুটাক জনাইছে।

লগতে নিৰ্বাচন আয়োগে ৯-কহিমা নগৰ বিধানসভাৰ অধীনৰ ৩৬ নং এগ্ৰি/ইলেকট্ৰিকেল কলনি-২ৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণৰ স্থান ইলেকট্ৰিকেল হাইডেল ষ্ট’ৰৰ পৰা জি এম এছ ফৰেষ্ট কলনিলৈ স্থানান্তৰত অনুমতি দিয়ে।

জানিব পৰামতে, উপ-নিৰ্বাচনটোৰ বাবে ব্যয় নিৰীক্ষক ছেৱাং থাৰচিনে ওখা জিলাখন ভ্ৰমণ কৰে আৰু জিলাখনৰ ব্যয় নিয়ন্ত্ৰকৰ দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ বুজ লয়।

এই বৈঠকৰ সময়ত থাৰচিনে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় তথ্য সঠিকভাৱে ৰখাৰ ক্ষেত্ৰত ব্যয় নিয়ন্ত্ৰকৰ দলটোৰ ভূমিকাৰ কথা ব্যাখ্যা কৰে আৰু দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সফল কৰি তোলাত তেওঁলোককে চকু আৰু কাণ বুলি কয়।

সমন্বয় সভাখনত ফ্লায়িং স্কোৱাডৰ দল, ভিডিঅ’ ছাৰ্ভিলেন্স, ভিডিঅ’ ভিউয়িং, হিচাপ ৰক্ষণ, সমন্বয় বিষয়া আৰু মিডিয়া চাৰ্টিফিকেইশ্যন আৰু মণিটৰিং কমিটীৰ সদস্যসকল উপস্থিত আছিল।