নাগালেণ্ডৰ ওৱাখা জিলাত আজিৰে পৰা সম্পূৰ্ণ বন্ধ কাৰ্যসূচী পালন

নাগালেণ্ডৰ ওৱাখা জিলাৰ অল কমাৰ্চিয়েল ভেহিক’ল এচোচিয়েচনে (এচিভিএ) সোমবাৰে ৰাতিপুৱাৰ পৰা ওৱাখা জিলাত সম্পূৰ্ণ বন্ধ পালন কৰিছে।

চলিবলৈ আৰম্ভ কৰা বাহনসমূহে বাধাৰ সন্মুখীন হৈছে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণ বন্ধ ৰখা হৈছে। কোহিমা অঞ্চলত এনএছচিএন(আইএম) সদস্যই তেওঁলোকৰ ‘বছৰেকীয়া কৰ’ আদায় নিদিয়াৰ বাবে টেক্সিসমূহ চাবি জব্দ কৰি লৈ যোৱাৰ প্ৰতিবাদত এই বন্ধ ঘোষণা কৰা হৈছে।

বন্ধৰ সমৰ্থকসকলে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে চাবিসমূহ ঘুৰাই নিদিয়া পৰ্যন্ত বন্ধ কাৰ্যসূচী অব্যাহত থাকিব। অৱশ্যে আৰক্ষী, অৰ্দ্ধ সামৰিক বাহিনী, জিলা প্ৰশাসন, এম্বুলেন্স, সংবাদ মাধ্যম, ডাকসেৱা আৰু অগ্নি নিৰ্বাপক আৰু অন্যান্য জৰুৰী সেৱাসমূহক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।

ইয়াৰ মাজতে ৰাজ্যখনত দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰি অহা একচন কমিটি এগেইনষ্ট আনএবেটেড টেক্স নামৰ সংগঠনটোৱে নগা ৰাজনৈতিক দলসমূহক অপৰাধী কাৰ্যক উদগনি নিদিবলৈ আহ্বান জনাইছে।

এক প্ৰেছ বিবৃতিত উক্ত সংগঠনটোৱে কয় যে নগা ৰাজনৈতিক গোটসমূহৰ নেতৃত্বই এই বিষয়ত মাত মতা উচিত। ‘’জনসাধাৰণক অপৰাধমূলক কাম কাজৰ বাবে প্ৰোৎসাহিত কৰাটো কেৱল মুৰ্খামিয়ে নহয় লগতে ই নগাসকলৰ নিজৰ সমস্যাসমূহৰ সমাধানতো বাধাৰ সৃষ্টি কৰিব,’’-তেওঁলোকে কয়।

উল্লেখযোগ্য যে নাগালেণ্ডত চলি অহা বিভিন্ন অপহৰণ , হত্যা, লুণ্ঠন আদিৰ ঘটনাৰ বাবে প্ৰাক্তন উগ্ৰপন্থী গোটসমূহকে জগৰীয়া কৰি অহা হৈছে। তেওঁলোকে আনকি ৰাজ্যখনত এখন সমান্তৰাল চৰকাৰ চলোৱাৰ দৰে সাধাৰণ লোকৰ ওপৰত কৰ আৰোপ কৰাৰ দৰে অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে।

টেক্সি চালকসকলৰ এই বন্ধৰ কাৰ্যসূচীৰ আঁৰতো আছে তেওঁলোকৰ বিৰুদ্ধে উক্ত প্ৰাক্তন উগ্ৰপন্থীসকলে চলোৱা আতিশয্যৰ ঘটনা।