নাগালেণ্ডৰ নিবনুৱা সমস্যা সন্দৰ্ভত ৰাজ্যপাল পি বি আচাৰ্যৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যপাল পি বি আচাৰ্য

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই ৰাজ্যখনৰ দক্ষতাসম্পন্ন শ্ৰমিকসকলক চিনাক্ত কৰি উপযুক্ত প্ৰশিক্ষণৰে তেওঁলোকক ৰাজ্যখনত নিয়োগৰ ব্যৱস্থা কৰি দিয়াৰ বাবে নিয়োগ বিভাগৰ লগতে দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগক আহ্বান জনায়।মঙলবাৰে প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাজ্যপাল আচাৰ্যই সোমবাৰে নিবনুৱা সমস্যা সন্দৰ্ভত বিভাগীয় বিষয়াৰ লগত কহিমাস্থিত ৰাজ ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল।

ৰাজ্যখনৰ যুৱকসকলৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি আচাৰ্যই কয় যে সমগ্ৰ নাগালেণ্ড ৰাজ্যৰ যুৱ সমাজ বৰ্তমান ভয়াবহ নিবনুৱা সমস্যাত ভুগিছে সেয়েহে বিভাগীয় বিভাগ সমূহক ৰাজ্যখনৰ উন্নয়নৰ বাবে নিবনুৱা যুৱক-যুৱতীসকলক উপযুক্ত প্ৰশিক্ষণ দি নিয়োগৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনোৱা হৈছে।

তদুপৰি ৰাজ্যখনৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহত দক্ষতা বিষয়ক পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰে শিক্ষাৰ্থীসকলক দক্ষতা সম্পন্ন কৰিবলৈ উক্ত বিভাগ দুটাক কাৰ্যপন্থা ল’বলৈ ৰাজ্যপালগৰাকীয়ে পৰামৰ্শ দিয়ে।

আনহাতে বৈঠকত উপস্থিত থকা নিয়োগ বিভাগৰ লগতে দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ বিষয়া সকলে তেওঁলোকে গ্ৰহণ কৰা দক্ষতা বিষয়ক কাৰ্যপন্থা সমূহৰ বিষয়ে ৰাজ্যপালগৰাকীক অৱগত কৰায়। ইয়াৰ উপৰি নাগালেণ্ডৰ আঠটা ঔদ্যৌগিক প্ৰশিক্ষণ সংস্থাই ২১টা ব্যৱসায়ীক প্ৰতিষ্ঠানক প্ৰশিক্ষণ দিয়াৰ কথাও ব্যক্ত কৰে।

নিবনুৱা যুৱকসকলৰ সহায়ক হোৱাৰ উদ্দেশ্যৰে ৰাজ্যখনত বিভিন্ন ধৰণৰ চাকৰি মেলা, চাকৰি আৰু কেৰিয়াৰ সম্বন্ধীয় মেলা আদিৰ ব্যৱস্থা লোৱা বুলিও বিভাগ দুটাই জানিবলৈ দিয়ে।

বিষয়া সকলে আৰু জানিবলৈ দিয়া অনুসৰি ২০১৬-১৭ বৰ্ষটো নাগালেণ্ড চৰকাৰে ‘শ্ৰমিক নিৰ্মান বছৰ’ হিচাপে ঘোষণা কৰিছিল আৰু ইয়াৰ ফলত ৰাজ্যখনৰ মুঠ ৫৫০ গৰাকী শ্ৰমিক লাভান্বিত হৈছে।