নাগালেণ্ডৰ বিশিষ্ট ব্যৱসায়ী য়াছিথছুংবা আওৰ মৃত্যু : মুখ্য মন্ত্ৰী নেইফিও ৰিঅ’ৰ লগতে দল-সংগঠনৰ শোক প্ৰকাশ  

Yashitsungba-Ao-

মঙলবাৰে নাগালেণ্ডৰ বিশিষ্ট উদ্যোগী তথা মানৱপ্ৰেমী ব্যক্তি য়াছিথছুংবা আও ডিমাপুৰস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ৯০ বছৰ বয়সত মৃত্যুবৰণ কৰা আওৱে মৃত্যুৰ সময়ত দুজন পুত্ৰ, দুগৰাকী জীয়ৰী আৰু চাৰিটা নাতি-নাতিনীক এই সংসাৰত এৰি থৈ যায়।

১৯২৭ চনৰ ১৫ এপ্ৰিলত জন্মগ্ৰহণ কৰা আওে ১৯৬০ চনত এজন ব্যৱসায়ী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। জিয়ন হস্পিতাল আৰু ৰিচাৰ্ছ চেণ্টাৰ তথা ইডেন মেডিকেল চেণ্টাৰৰ অধ্যক্ষ আওে পাছলৈ এজন কৃতী ঠিকাদাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

আৰ্মী কনট্ৰেক্তৰ আৰু ছাপ্লায়াৰ্ছ য়ুনিয়নৰ প্ৰাক্তন সভাপতি তথা নাগালেণ্ড কনট্ৰেক্তৰ আৰু ছাপ্লায়াৰ্ছ য়ুনিয়নৰ উপদেষ্টা হিচাপেও য়াছিথছুংবা আওে কাৰ্যনিৰ্বাহ কৰিছিল।

ইয়াৰ উপৰি আওে ১৯৮৬ চনৰ পৰা ডিমাপুৰ ছুংগ্ৰাতছু য়ুনিয়ন আৰু ১৯৮৮ চনৰ পৰা ডিমাপুৰ আও য়ুনিয়নৰ কোষাধ্যক্ষ হিচাপে মৃত্যুৰ সময়লৈকে দায়িত্ব গ্ৰহণ কৰি আছিল।

নাগালেণ্ডৰ এইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰাৰ লগতে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী নেইফিও ৰিঅ’ৱেও দুখ প্ৰকাশ কৰে। মুখ্য মন্ত্ৰীগৰাকীয়ে এক শোক বাৰ্তা যোগে কয়- ‘ৰাজ্যবাসীয়ে এজন ভাল মনৰ মানুহক হেৰুৱালে। তেওঁ সমাজলৈ আগবঢ়োৱা বৰঙণি সদায় সমাজত জীয়াই থাকিব’।

ইয়াৰ উপৰি আওৰ মৃত্যুত ৰাজ্যখনৰ কৃষি মন্ত্ৰী জি কাইটো আয় আৰু পি ডব্লিউ ডি মন্ত্ৰী টংপাং অ’জুকুমে শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰাৰ বাবে প্ৰাৰ্থনা জনায়।

আনহাতে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ আৰু নেশ্যনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী চমুকৈ এন ডি পি পি দলৰ তৰফৰ পৰাও বিশিষ্ট ব্যৱসায়ীজনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে য়াছিথছুংবা আও এগৰাকী ভাল ব্যক্তি আছিল আৰু তেওঁৰ মৃত্যু নাগালেণ্ডৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে বিভিন্ন দল-সংগঠনে।