নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰূপে প্রথমবাৰলৈ ৰাজহুৱা স্থানত শপত গ্ৰহণ নেইফিঅ’ ৰিঅ’ৰ

rio-swea

কহিমাৰ এখন স্থানীয় খেলপথাৰত আজি ৰাজহুৱাভাৱে নাগালেণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে নেইফিঅ’ ৰিঅ’ই। কাৰ্যত ৰাজভৱনৰ বাহিৰৰ ৰাজহুৱা স্থানত চতুৰ্থ বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰি ইতিহাস সৃষ্টি কৰিলে ৰিঅ’ই।

উল্লেখ্য যে বিগত দিন সমূহৰ বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই বিজেপি, জেডিইউ আৰু এগৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থনেৰে ৰিঅ’ নেতৃত্বধীন এনডিপিপিয়ে নাগালেণ্ডত চৰকাৰ গঠন কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

উল্লেখ্য যে কহিমাৰ জনাকীৰ্ণ ৰাজহুৱা শপতগ্ৰহণ অনুষ্ঠানটোত ৰাজ্যপাল পিবি আচাৰ্যই ৰিঅ’ক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়।

আনহাতে অনুষ্ঠানটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকে আদি কৰি বহু বিশিষ্ট লোক উপস্থিত থাকে।

উল্লেখ্য যে ৰিঅ’ৰ লগতে মিত্ৰদলৰ আন ১০গৰাকী মন্ত্ৰীয়ে একেটা অনুষ্ঠানতে শপতগ্ৰহণ কৰে।

বিগত কেইবাটাও দিনৰ অচলাৱস্থাৰ পাছত বিদায়ী মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে ৰাজ্যপাল আচাৰ্যক পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত আজি বিজেপিৰ সহযোগত  ৰিঅ’ নেতৃত্বাধীন মন্ত্ৰীসভাখনে শপত গ্ৰহণ কৰাটো তাৎপৰ্যপূৰ্ণ।

চতুৰ্থ বাৰৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰূপে শপত লোৱা নেইফিঅ’ ৰিঅ’ক বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে ।