নাগালেণ্ডৰ মুখ্য মন্ত্ৰী হিচাপে জেলিয়াঙৰ পদত্যাগ : নতুন চৰকাৰ গঠনৰ বাট মুকলি

Zeliang-672x381

বিজেপিয়ে নাগালেণ্ডত এন পি এফ (নাগা পীপল ফ্ৰণ্ট)ৰে ১৫ বছৰীয়া মিত্ৰতাৰ সূত্ৰ ছিঙাৰ পিছত আজি মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে পদত্যাগ কৰে। তেওঁৰ পদত্যাগৰ লগতে মন্ত্ৰী পৰষদো ভংগ কৰা হয়।

উল্লেখযোগ্য যে সদ্য সমাপ্ত নিৰ্বাচনত এন পি এফে ২৬খন আসনেৰে একক সংখ্যাগৰিষ্ঠ দলত পৰিণত হ’লেও প্ৰাক নিৰ্বাচনী মিত্ৰতাত থকা এন ডি পি পি আৰু বিজেপিৰ মুঠ আসন হয়গৈ ৩০খন। নতুন চৰকাৰ গঠন কৰাটো এন পি এফৰ বাবে অসম্ভৱ প্ৰায় হৈ পৰে।

তাৰ বিপৰীতে এন ডি পি প-বিজেপি মিত্ৰজোঁটৰ বাবে চৰকাৰ গঠন কৰাৰ বাট সুগম হৈ পৰে। এন ডি পি পি-বিজেপিৰ প্ৰতি সমৰ্থন আগ বঢ়াইছে জে ডি (য়ু)ৰ একমাত্ৰ বিধায়কজনৰ লগতে নিৰ্বাচিত একমাত্ৰ নিৰ্দলীয় বিধায়কজনেও।

‘বিজেপিয়ে এন পি এৰ সৈতে মিত্ৰতা ভংগ কৰা বুলি জানিব পাৰি মই আজি মোৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদৰ পদত্যাগ পত্ৰ তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই দাখিল কৰিছো।’

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্য্যলৈ প্ৰেৰণ কৰা নিজৰ পদত্যাগপত্ৰত এইদৰে জেলিয়াঙে।

বিদায়ী মুখ্য মন্ত্ৰীজনে লগতে এইটো নিশ্চয়তা দিয়ে যে নাগা ৰাইজ আৰু এন পি এফে নতুন চৰকাৰখনে নাগা ৰাইজৰ বৃহত্তৰ স্বাৰ্থত লোৱা প্ৰতিটো পদক্ষেপলৈ সমৰ্থন আগ বঢ়াই যাব। লগতে তেওঁলোকে গঠনমূলক বিৰোধীৰ ভূমিকাও ল’ব।

তেওঁ কয় যে ৪ মাৰ্চত ২৭জন নতুনকৈ নিৰ্বাচিত বিধায়কে তেওঁক সৰ্বসন্মতভাৱে বিধায়নী দলৰ নেতা নিৰ্বাচন কৰাৰ পিছত তেওঁ ৰাজ্যপালক পৰৱৰ্তী চৰকাৰখন গঠন কৰাৰ দাবীৰে সাক্ষাৎ কৰিছিল, যিহেতু জে ডি (য়ু) আৰু এন পি পিৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা থকা এন পি এফেই আছিল একক সংখ্যাগৰিষ্ঠ দল।

জেলিয়াঙে লগতে জনায় যে তেওঁ বিজেপিৰ নেতা- প্ৰধান মন্ত্ৰী আৰু বিজেপিৰ সভাপতিক ৩ মাৰ্চত পৃথকে যোগাযোগ কৰি যোৱা ১৫ বছৰৰ দৰে মৰ্চা চৰকাৰ গঠন কৰা সন্দৰ্ভত তেওঁলোকৰ স্থিতি অৱগত কৰাবলৈ জনাইছিল।

যি নহওক বিজেপিয়ে এন পি এৰ সৈতে মিত্ৰতাৰ সম্পৰ্ক ছেদ কৰা বুলি জানি তেওঁ আৰু তেওঁৰ মন্ত্ৰী পৰিষদে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশখনে বিকাশৰ এটা নতুন গতিপথেৰে আগুৱাইছে। নাগালেণ্ড সবল বিকাশৰ গতিৰ পৰা বাহিৰত থাকিব নোৱাৰে।

‘৩-৮-২০১৫ত স্বাক্ষৰিত নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টৰ আধাৰত নাগা ৰাজনৈতিক সংকটৰ এটা সন্মানজনক আৰু গ্ৰহণযোগ্য সমাধান হোৱাটো নাগা ৰাইজৰ সামগ্ৰিক আন্তৰিক আকাংক্ষা। বিধানসভাৰ সন্মিলিত সমৰ্থন থাকিলেহে ৰাজ্যখনত স্থায়ী শান্তি সম্ভৱ।’ বিদায়ী মুখ্য মন্ত্ৰীজনে এইদৰে কয়।

তেওঁ কয় যে নাগালেণ্ডৰ ভোটাৰে এন পি এফক ২৭খন আসন দিছে। ৰাজ্যখনৰ বিকাশ আৰু শান্তিকে ধৰি সকলো ধৰণৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ বাবে এই কথাটো মনত ৰখা উচিত।

আনহাতে বিদায়ী মুখ্য মন্ত্ৰীজনে নাগালেণ্ডৰ সকলো ভোটৰলৈ এন পি এফক ২৭খন আসনত জিকাই ১৩দশ নাগালেণ্ড বিধানসভালৈ একক সংখ্যাগৰিষ্ঠ দল হিচাপে জয়ী কৰোৱা বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁ তেওঁৰ কেবিনেট সতীৰ্থসকলকো বিগত চাৰি বছৰত ভাল আৰু বেয়া দুয়ো ধৰণৰ পৰিস্থিতিতে আগ বঢ়োৱা তেওঁলোকৰ সমৰ্থন আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনায়।