নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীৰ দ্বাৰা স্বচ্ছতা পষেকৰ উদ্বোধন

Health-Ministry-adjudged-as-best-department-for-Swachhta-Pakhwada-s-Indian-Bureaucracy

নাগালেণ্ডত স্বচ্চ ভাৰত অভিযানক এটা নতুন গতি দিয়াৰ উদ্দেশ্য নাগালেণ্ড হেল্থ অথৰিটি কোহিমাই সোমবাৰে স্বচ্ছতা পখৱাড়া ( স্বচ্ছতা পষেক ) -২০১৮ৰ উদ্বোধন কৰিছে।

স্বচ্ছতা পষেকৰ কাৰ্যসূচী উদ্বোধন কৰি নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পাংন্যু ফোমে কয় যে স্বচ্ছতা কেবল স্বাস্থ্যসন্মত জীৱন ধাৰণ আৰু আধ্যাত্মিক বিকাশৰ বাবেই নহয়, পাৰিপাৰ্শিক বিকাশৰ বাবেও ই গুৰুত্বপূৰ্ণ।

তেওঁ আৰু কয় যে স্বচ্ছতা সপ্তাহৰ লক্ষ্য হৈছে নতুন ধাৰণা, উদ্ভাৱনীমূলক গাঁথনি আৰু ব্যৱস্থাৰ সৃষ্টি কৰা।

পৰিচ্চন্নতাই বহু প্ৰকাৰৰ পাৰিপাৰ্শিক আৰু স্বাস্থ্যজনিত ৰোগ ৰোধ কৰাত এক শক্তিশালী ভূমিকা লয় বুলি মন্তব্য কৰি নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে পৰিচ্চন্নতা পাকঘৰ, পৰিয়াল আৰু ব্যক্তিৰ পৰা আৰম্ভ হোৱাত জোৰ দিয়ে। ফোমে বিভিন্ন ভাইৰাছজনিত ৰোগ আৰু সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ সকলোকে ব্যক্তিগত ছাফ-চিকুণতা বজাই ৰখাৰ বাবে আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে চিকিৎসক আৰু নাৰ্চসকলক হস্পিটেল, ডিছপেনছাৰি আৰু স্বাস্থ্য কেন্দ্ৰসমূহত স্বচ্ছতা বজাই ৰাখি জনসাধাৰণৰ বাবে এটা ভাল উদাহৰণ দাঙি ধৰাৰ আহ্বান জনায়।  কাৰ্যসূচীৰ সময়চোৱাত তেওঁ ১২টা স্বচ্ছতা আৱেদন পাঠ কৰে।

স্বচ্ছ ভাৰত অভিযানৰ নোডেল অফিচাৰ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক ড০ টোকুহু চিষ্টিয়ে কয় যে এপ্ৰিলৰ ১ৰ পৰা ১৫ তাৰিখলৈ পষেকজোৰাকৈ  নাগালেণ্ডে সচ্ছতা পখৱাড়া পালন কৰে। স্বচ্ছতা পখৱাড়াৰ মাজেৰে নাগালেণ্ড গ্ৰাম্য স্বাস্থ্য অভিযানে বিভিন্ন কাৰ্যসূচী আৰু আঁচনিৰ অন্তৰ্গত এখন স্থায়ী ব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ কথা বিৱেচনা কৰিব।