নাগালেণ্ডৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা দলে সর্বনিম্ন স্ক’ৰ কৰি অনাকাংক্ষিত অভিলেখ গঢ়িলে

২৪ নৱেম্বৰত গুণ্টুৰৰ জে কে চি কলেজ খেলপথাৰত বিচিচিআইৰ দ্বাৰা অনুষ্ঠীত ১৯ বছৰ অনুর্ধ্ব মহিলা এদিনীয়া ক্ৰিকেট টুর্ণামেণ্টত নাগালেণ্ডৰ দলটো কেৰেলাৰ হাতত শোচনীয়ভাৱে পৰাস্ত হয়। উল্লেখযোগ্য যে টুর্ণামেণ্টখনত নাগালেণ্ডৰ দলটোৱে মাত্ৰ ২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে বিচিচি আইৰ দ্বাৰা অনুষ্ঠিত যিকোনো টুর্ণামেণ্টৰ ভিতৰত এইটোৱেই আটাইতকৈ সর্বনিম্ন স্ক’ৰ। ইয়াৰ আগতে ২০১৪-১৫ ত ৰাইপুৰত অনুষ্ঠিত ছত্তিছগড় ক্ৰিকেট এছ’চিয়েচনৰ ১৪ বছৰ অনুর্ধ্বৰ আন্তঃজিলা টুর্ণামেণ্টত ৰাইগড় দলটোৱে ৰাইপুৰৰ বিৰুদ্ধে ৬ ৰান সংগ্ৰহ কৰিছিল।

এক বিবৃতি যোগে নাগালেণ্ড ক্ৰিকেট এছ’চিয়েচনৰ সভাপতি পি বেনডাং জামিৰে কয় ‍‘এনেদৰে শোচনীয়ভাৱে পৰাস্ত হ’বলগীয়া হোৱাটো যথেষ্ট হতাশাজনক। ভৱিষ্যতে মহিলা ক্ৰিকেট দলে ভাল প্ৰদর্শন দেখুৱাবলৈ হ’লে উৎসাহ আৰু সহায়ৰ প্ৰয়োজন। সীমিত আন্তঃগাঁঠনি, প্ৰশিক্ষক আৰু অন্যান্য অসুবিধাৰ লগতে ফাণ্ডৰ অভাৱ আদিকে ধৰি আমি বিভিন্ন প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হৈছো। এই ক্ষেত্ৰত আমি বহু বছৰৰ পৰা বিচিচি আইৰ আলোচনাৰ মাধ্যমেৰে নাগালেণ্ড ক্ৰিকেতৰ ভৱিষ্যত উজ্বল কৰাৰ প্ৰয়াস কৰি আহিছো। লগতে আমি নাগালেণ্ডৰ সকলো ক্ৰিকেটপ্ৰেমীয়ে তেওঁলোকৰ ক্ৰিকেটাৰ সকলক সকলো সময়তে সমৰ্থন জনাবলৈ আহ্বান জনাই লগতে কওঁ যে নাগালেণ্ড ক্ৰিকেট এছ’চিয়েচনে খেলৰ মানদণ্ড উন্নত কৰিবলে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব।’