নাগালেণ্ডৰ ৫০ হাজাৰ হেক্টৰ ভূমিত কফিৰ খেতি কৰাৰ লক্ষ্য

নাগালেণ্ড চৰকাৰে অহা ২০৩০ চনৰ ভিতৰত ৰাজ্যখনৰ ৫০ হাজাৰ হেক্টৰ ভূমিত কফিৰ খেতি কৰাৰ পৰিকল্পনা লৈছে। আজি এটা প্ৰেছ বিজ্ঞপ্তিত বিত্ত আৰু ভূ-সম্পদ বিভাগৰ সচিব ৱাই কিখেটো ছেমাই এই কথা জানিবলৈ দিয়ে। ‘ৰাজ্য চৰকাৰে ইয়াৰ বাবে প্ৰয়োজন হোৱা পুঁজি ২০১৭-১৮ বৰ্ষৰ বাজেটৰ পৰা আগ বঢ়াব।’ কিখেটোৱে কয়। তেওঁ কয় যে চৰকাৰৰ এই পদক্ষেপে গাৱঁৰ দুখীয়া শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থা উন্নত হোৱাত সহায় কৰিব। লগতে ই নিবনুৱাসকলৰ বাবে সংস্থাপনৰ সুযোগ মুকলি কৰিব। সচিব কিখেটোৱে কয় যে তেওঁ এই সন্দৰ্ভত ইতিপূৰ্বে এটা প্ৰস্তাৱ ভাৰতীয় কফি ব’ৰ্ডত দাখিল কৰিছে। ২ জানুৱাৰিত তেওঁ বাংগালোৰত কফি ব’ৰ্ডৰ সচিব শ্ৰীবাস্তৱ কৃষ্ণ আৰু বিত্ত আৰু গৱেষণা সঞ্চালক ড০ ৰঘুৰামুলুক সাক্ষাৎ কৰাৰ সময়ত এই প্ৰস্তাৱটো দিয়া বুলি কয়।

কিখেটোৱে কয় যে ভাৰতীয় কফি ব’ৰ্ডে এই সন্দৰ্ভত ভূ-সম্পদ বিভাগৰ সৈতে সহযোগিতা কৰিবলৈ এজন বিষয়াক ক’হিমালৈ প্ৰেৰণ কৰিবলৈ সন্মত হৈছে।

কিখেটোৱে লগতে কয় যে ৰাজ্যখনত এৰবিকা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ বাবে আৰু বিভিন্ন কফি উন্নয়ন আঁচনি চলাই নিবলৈ আন দুটা প্ৰস্তাৱো কফি ব’ৰ্ডক দিয়া হয়। বিষয়াজনে নাগালেণ্ডৰ কফি খেতিৰ উন্নয়নত সহায় কৰিবলৈ বিভাগটোৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থাকিব।