নাগালেণ্ড আৰু মেঘালয়ত শাসনাধিষ্ঠিত দলৰ অগ্ৰগতি

Meghalaya-

ভোটগণনা চলি থকা নাগালেণ্ড আৰু মেঘালয়, দুয়োখন ৰাজ্যতে শাসনাধিষ্ঠিত দল ক্ৰমে এন পি এফ আৰু কংগ্ৰেছে অগ্ৰগতি লাভ কৰি থকা দেখা গৈছে। পুৱা ১০.৩০ বজা পৰ্য্যন্ত মেঘালয়ত কংগ্ৰেছে ২১, এন পি পিয়ে ১৫, বিজেপিয়ে ৬ অন্যান্যই ১৪ খনত অগ্ৰগতি লাভ কৰি আছে।

আনহাতে নাগালেণ্ডত শাসনাধিষ্ঠিত এন পি এফ-এন পি পি-জে ডি (য়ু) মৰ্চাই ৩২, নৱগঠিত এন ডি পি পি-বিজেপি মৰ্চাই ২৪, কংগ্ৰেছে ১ আৰু অন্যান্যই ২ খন আসনত অগ্ৰগতি লাভ কৰি আছে।

উল্লেখযোগ্য যে দুয়োখন ৰাজ্যতে বিজেপিয়ে সুকীয়া সুকীয়া ৰণকৌশলেৰে নিৰ্বাচন খেলিছে। মেঘালয়ত বিজেপিয়ে আটাইকেইটা সমষ্টিটে প্ৰাৰ্থী দিয়াৰ পৰিৱৰ্তে নাগালেণ্ডত পুৰণি মিত্ৰ এন পি এফক এৰি নৱগঠিত এন ডি পি পিৰ সৈতে মিত্ৰতা কৰি ৪০ খন আসন মিত্ৰ দলটোক এৰি দিছে। নিজলৈ মাত্ৰ ২০ খন আসনহে ৰাখি আওপকীয়াকৈ শাসনলৈ অহা সংগ্ৰামখন মিত্ৰ দলৰ কান্ধতে তুলি দিছে।

আনহাতে ত্ৰিপুৰাত সৰ্বশক্তিৰে যুঁজ দিয়া গেৰুৱা দলটোৱে বাওঁ দলক ওফৰোৱাৰ যথেষ্ট সম্ভাৱনাৰ সৃষ্টি কৰিছে।