নাগালেণ্ড বিধানসভা নিৰ্বাচন : ৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিলে মনোনয়ন

Nagaland-Assembly-680x365

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ প্ৰথমদিনটোত শুকুৰবাৰে ৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ইয়াৰে ছয় গৰাকী নিৰ্দলীয় আৰু এগৰাকী কংগ্ৰছ প্ৰাৰ্থী।

এই মনোনয়ন প্ৰত্যাহাৰৰ পিছত ত্ৰয়োদশ ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ বাবে ২২৬ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। অহা ১৭ ফেব্ৰুৱাৰিত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা নিৰ্দলীয় বিধায়ক কেইগৰাকী হ’ল: কেলহাউছিথি কিৰে (৯নং কোহিমা টাউন সমষ্টি), ছিয়েভিটো লিনুউ (১০ নং উত্তৰ আংগামী-১ সমষ্টি), ড০ নেইফ্ৰেজ’ কেডিটছু (১১ নং উত্তৰ আংগামী-২ সমষ্টি), ছাশা ফ’ম (৪৯ নং তামলু সমষ্টি), হামফেন ফোমা(৪৯ নং তামলু সমষ্টি), ইমতিয়াঞ্জেৰ চাং(৫১ নং নকছেন সমষ্টি)। আনহাতে একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী হৈছে ড০ আইমং লাম(৫৬ নং নকলাক সমষ্টি)। নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সংবাদ কোষৰ এক বিবৃতিত এই তথ্য প্ৰকাশ পাইছে।

অহা১২ ফেব্ৰুৱাৰি হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহৰৰ শেষ দিন।

আনহাতে, দলীয় কৰ্মী আৰু বিষয়ববীয়াৰ সমূহীয়া পদত্যাগৰ পিছত ৩৪ নং আঘুনাটো সমষ্টিৰ বিজেপি শাখা ভংগ কৰি দিয়া হৈছে। শাখাটোৰ সভাপতি কাকেইয়ে য়েপথমি আৰু সাধাৰণ সম্পাদক হেভুখুই জাৰি কৰা এক বিবৃতিত এই কথা কোৱা হৈছে। কেন্দ্ৰীয় বিজেপি আৰু এনডিপিপিৰ মাজত হোৱা আসন বুজাবুজিৰ বাবেই এই সমূহীয়া পদত্যাগ হৈছে বুলি কোৱা হৈছে।

‘’বিজেপিৰ আঘুমাটো সমষ্টিৰ দলীয় কৰ্মীসকলে অনুভৱ কৰে যে এই ভুল সিদ্ধান্তটো গ্ৰহণ কৰা হৈছিল একাংশ স্বাৰ্থন্বেষী তথা ন্যস্ত স্বাৰ্থৰ ব্যক্তিক সন্তুষ্ট কৰাৰ বাবে আৰু ইয়াত দলীয় স্বাৰ্থৰ কথাত গুৰুত্ব দিয়া নহ’ল,’’-বিবৃতিটোত কোৱা হৈছে।

আন এক বাতৰি মতে বিজেপিৰ ৪৪ নং পমচিং বিধানসভা সমষ্টিৰ সমিতিখনো ভংগ কৰি দিয়া হৈছে।

সূত্ৰসমূহে জনোৱা মতে বিজেপি যুৱ মৰ্চাৰ উপসভাপতি চিংচক কন্যাকক বিজেপি দলে প্ৰাৰ্থিত্ব নিদিয়াত অসন্তুষ্ট হৈ বিদ্ৰোহী কৰ্মীসকলে পদত্যাগ কৰিছিল। বিজেপিৰ এই শাখাটোৱে এনপিপিত যোগদান কৰা চিংচকক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ আগন্তুক নিৰ্বাচনত এনপিপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াৱ।